Torture For Dowry: যৌতুকৰ বাবেই চিলাপথাৰৰ বোৱাৰীক গছত বান্ধি নিৰ্মম অত্যাচাৰ কৰাৰ অভিযোগ

By

Published : Apr 29, 2023, 1:22 PM IST

thumbnail

জোনাই, 29 এপ্ৰিল: ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুকজনিত ঘটনা ৷ এইবাৰ যৌতুকৰ বাবেই চিলাপথাৰৰ এগৰাকী বোৱাৰীক স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতা যুৱতীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালে ( Woman Tortured By Husband Family For Dowry) ।

নিৰ্যাতিতা এইগৰাকী চিলাপথাৰৰ যুৱতী ২০২০ চনতেই বিয়া হৈছিল লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত কাটৰি চাপৰিলৈ ৷ কিন্তু বিয়াৰ কিছুদিনৰ পিচৰ পৰাই স্বামীৰ পৰিয়ালে যৌতুক বিচাৰি বোৱাৰীগৰাকীক নিৰ্যাতন চলাই আহিছিল ৷ এই সন্দৰ্ভত যুৱতীগৰাকীয়ে প্ৰায় এটা বছৰৰ পূৰ্বে ধেমাজি আদালতত গোচৰ তৰিছিল যদিও চলাহী কথাৰে স্বামীৰ পৰিয়ালে যুৱতীগৰাকীক গোচৰ উঠাই লবলৈ বাধ্য কৰোৱা বুলি উত্থাপন কৰিছে অভিযোগ (Silapathar Woman Tortured for Dowry) ৷  

চলিত মাহৰ ৮ তাৰিখে গোচৰ উঠাই যুৱতীগৰাকীয়ে পিতৃৰ লগত স্বামীগৃহলৈ যায় যদিও ঘৰত প্ৰৱেশ কৰিব নিদিয়ে স্বামীৰ পৰিয়ালে ৷ বিপৰীতে যুৱতীগৰাকীক এজোপা গছত বান্ধি অকথ্য অত্যাচাৰ চলায় স্বামীৰ পৰিয়ালে ৷ কোনো লোকে এই সন্দৰ্ভত চাউলধোৱা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰে ৷ যুৱতীগৰাকীয়ে নিৰ্যাতন চলোৱাৰ ফটো ভিডিঅ'সহ চাউলধোৱা আৰক্ষীক স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ যায় যদিও কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে গোচৰ ল’বলৈ অমান্তি হয় বুলি অভিযোগ কৰিছে যুৱতীগৰাকীৰ লগতে পৰিয়ালৰ লোকে ৷ চিলাপথাৰত এই অভিযোগ উত্থাপন কৰি যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে এতিয়া ন্যায় বিচাৰিছে (Domestic Violence) ৷

লগতে পঢ়ক: Dergaon Don Bosco School: শিক্ষয়িত্ৰীৰ প্ৰহাৰত কাণ ফাটিল দশম শ্ৰেণীৰ ছাত্ৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.