Dergaon Don Bosco School: শিক্ষয়িত্ৰীৰ প্ৰহাৰত কাণ ফাটিল দশম শ্ৰেণীৰ ছাত্ৰৰ

By

Published : Apr 29, 2023, 8:05 AM IST

Updated : Apr 29, 2023, 10:59 AM IST

thumbnail

যোৰহাট, 29 এপ্ৰিল: দেৰগাঁৱৰ ডন বস্ক’ বিদ্যালয়ত ভয়ংকৰ ঘটনা (Dergaon Don Bosco High school case) ৷ এইবাৰ শিক্ষয়িত্ৰীয়ে প্ৰহাৰ কৰিলে দশম শ্ৰেণীৰ ছাত্ৰক (Teacher assaulted student) ৷ এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰহাৰত কাণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন দশম শ্ৰেণীৰ ছাত্ৰ ৷ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷  

উল্লেখ্য যে, বৃহস্পতিবাৰে বিদ্যালয়ত পাঠদান চলি থকাৰ মাজতে শিক্ষয়িত্ৰীগৰাকীয়ে সামান্য অজুহাততে ছাত্ৰজনক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰজনৰ কাণত প্ৰচণ্ড চৰ শোধোৱাৰ ফলত ছাত্ৰজনৰ কাণৰ পৰা প্ৰচুৰ পৰিমাণে ৰক্তক্ষয় হয় ৷ যাৰ বাবে ছাত্ৰজনক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ এই ঘটনাৰ পাচতে বিদ্যায়খনৰ শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Teacher beats up student) ৷  

ইফালে, আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ অভিভাৱকে বিদ্যালয়ৰ মুৰব্বীক অভিযোগ দিয়াৰ পাচতে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷ কিন্তু বিদ্যালয়খনৰ মুৰব্বীয়ে সংবাদমাধ্যমক শ্ৰেণীকোঠাৰ চিচিটিভিৰ দৃশ্য দেখুওৱাৰ পৰা বিৰত থাকে ৷ সম্প্ৰতি একাংশ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত এনেসমূহ ঘটনা সুলভ হৈ পৰিছে ৷ এইক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষ সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে ৷ 

লগতে পঢ়ক: Mid day meal workers protest: মুখ্যমন্ত্ৰী বিৰোধী প্ৰতিবাদত উত্তাল যোৰহাট চহৰৰ মাজমজিয়া

Last Updated : Apr 29, 2023, 10:59 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.