দুজন চিকিৎসকৰে চলিছে নলবাৰীৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 4:11 PM IST

thumbnail

নলবাৰী, 15 ডিচেম্বৰ : নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱাত চিকিৎসকৰ অভাৱত হাহাকাৰ লাগিছে ৰোগীৰ ৷ মুকালমুৱাৰ এখন চিকিৎসালয়ত চিকিৎসকক বিচাৰি শ শ ৰোগীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ ৷ 

মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিবলৈ আহি পুৱাৰে পৰা ৰৈ আছে শ শ ৰোগী ৷  কিয়নো চিকিৎসালয়ত শুকুৰবাৰৰ দিনটোত মাত্ৰ দুজন চিকিৎসকেহে ৰোগীক চিকিৎসা আগবঢ়াই আছে ৷ জানিব পৰা মতে চিকিৎসালয়খনৰ কেইবাগৰাকীও চিকিৎসক আজি বিভাগীয় প্ৰশিক্ষণত নিয়োজিত হৈ আছে ৷ যাৰ বাবে আজি মাত্ৰ দুজন চিকিৎসকেৰে চলিছে বৃহৎ চিকিৎসালয়খন ৷

ফলত পুৱাৰে পৰা চিকিৎসালয়খনত চিকিৎসক বিচাৰি শ শ ৰোগীয়ে হাহাকাৰ কৰা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত অতি শীঘ্ৰেই চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক নিয়োজিত কৰিবলৈ ৰোগীৰ লগতে স্থানীয় ৰাইজে দাবী জনাইছে ৷ 

লগতে পঢ়ক : লখিমপুৰত সদৌ ভাৰত গ্ৰামীণ ডাক কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.