কলিয়াবৰত পৰিয়ালকেন্দ্ৰিক বিবাদত প্ৰাণ গ'ল এজনৰ

By

Published : Aug 16, 2022, 12:33 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

স্বাধীনতা দিৱসৰ নিশা কলিয়াবৰত সংঘটিত হয় এক অঘটন । কলিয়াবৰত সংঘটিত হয় এক লোমহৰ্ষক হত‍্যাকাণ্ড (murder in Kaliabor) । কলিয়াবৰত পৰিয়ালকেন্দ্ৰিক বিবাদত প্ৰাণ গ'ল এজন লোকৰ । কলিয়াবৰৰ মিছা আৰক্ষী চকী এলেকাৰ ১ নম্বৰ হাতীগাঁৱৰ খেলডাঙ্গা বস্তিত ১৫ আগষ্টৰ নিশা সংঘটিত হয় উক্ত হত্যাকাণ্ড (murder in Kaliabor under Misa Police out post) । এক পৰিয়ালকেন্দ্ৰিক সংঘাটত প্ৰাণ হেৰুৱাবলগা হয় মাৰ্টিন তিৰ্কী ( ৪২) নামৰ ব্যক্তিজনে । মাৰিউচ নাগ নামৰ এজনৰ বিৰুদ্ধে মাৰ্টিনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । আনহাতে, ঘটনাৰ খবৰ লাভ কৰি স্থানীয় আৰক্ষীয়ে নিশাতেই আটক কৰে অভিযুক্ত মাৰিউচক (Misa Police arrested murderer in Kaliabor) । সোমবাৰে নিশা মাৰ্টিনৰ ঘৰত নিশা এঘাৰমান বজাত মাৰিউচ নাগ উপস্থিত হয় । তাৰ পিছত দুয়োৰে মাজত প্ৰথমতে তৰ্কা-তৰ্কিৰ সৃষ্টি হয় । তাৰ পিছতে ঘটনাই বিষম ৰূপ লয় । তৰ্কা-তৰ্কিৰ পাছত মাৰ্টিনক মাৰিউচে বেয়াকৈ প্ৰহাৰ কৰে । ফলস্বৰূপে ঘটনাস্থলীতে মাৰ্টিনৰ মৃত‍্যু ঘটে ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.