Crime in Golaghat: গোলাঘাটৰ দৈগ্ৰোঙত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

By

Published : Mar 21, 2023, 2:15 PM IST

thumbnail

গোলাঘাট, ২১ মাৰ্চ: গোলাঘাট জিলাৰ দৈগ্ৰোঙত সোমবাৰে নিশা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় (Robbery at Daigrong in Golaghat)। নিশা দুই বজাত পোৰাবঙলাৰ ব্যৱসায়ী চাবৰমল আগৰৱালাৰ বাসগৃহত কেইবালাখ টকাৰ লগতে আ-অলংকাৰ লুটি নিয়ে ৭ জনীয়া এটা ডকাইতৰ দলে ৷ ডকাইতৰ দলটোৱে চাবৰমল আগৰৱালাৰ পৰিয়ালৰ লোকসকলক হাত-ভৰি বান্ধি মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰি ধন সোণৰ লগতে ৭ টা মোবাইল লুট কৰে ৷

চাবৰমলৰ পুত্ৰ বসন্ত আগৰৱালাই এই প্ৰসংগত কয় যে ডকাইতৰ দলটোৱে সম্পূৰ্ণৰূপে মুখত কাপোৰ বান্ধি আহিছিল । নুমলীগড় আৰক্ষীৰ নিস্ক্ৰিয়তাৰ বাবেই বৃহত্তৰ অঞ্চলটোত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা (Numaligarh Police Station)৷ নুমলীগড় শোধনাগাৰ আৰু কাষৰীয়া অঞ্চলত বিভিন্ন নিৰ্মাণ কাৰ্যত নিয়োজিত সন্দেহজনক নাগৰিকে ভৰি পৰিছে ৷ আৰক্ষীয়ে এইক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি দুস্কৃতিকাৰীয়ে ডকাইতি কাণ্ড সংঘটিত কৰি নিৰ্বিঘ্নে পলাই যাবলৈ সক্ষম হৈছে ৷ 

ডকাইতৰ দলটোৱে ডকাইতি কাণ্ড সংঘটিত কৰি নিৰ্বিঘ্নে উক্ত স্থানৰ পৰা পলায়ণ কৰাৰ পিছতেই নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ।  

লগতে পঢ়ক:Uncle of Amritpal moved to Dibrugarh jail: ডিব্ৰুগড় কেন্দ্রীয় কাৰাগাৰত অমৃত পাল সিঙৰ খুড়াক হৰজিৎ সিং

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.