Sensational Murder Case: বন্ধুক শিৰচ্ছেদ কৰি হত্যাকাৰী বন্ধুৱে আৰক্ষীক চমজাই দিলে বন্ধুৰ মুণ্ড

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:43 PM IST

thumbnail

জোনাই, 15 নৱেম্বৰ : জোনাইৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ ৰুকচিনত চাঞ্চল্যকৰ হত্যাকাণ্ড । বুন্ধৱে হত্যা কৰিলে বন্ধুক ৷ কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হ’ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ ইফালে হত্যাকাৰীয়ে আত্মসমৰ্পণ কৰিলে ৰুকচিন আৰক্ষী থানাত ৷

ঘটনা অনুসৰি, বুধবাৰে দুপৰীয়াৰ ভাগত পথাৰত কাম কৰি আছিল শিবু বৈশ্য নামৰ যুৱকজন ৷ তেনে সময়তে অজয় দাস নামৰ যুৱকজনে শিবুৰ সৈতে প্ৰথমে বাক বিতণ্ডাত লিপ্ত হয় ৷ পৰৱৰ্তী সময়ত ৰুকচিনস্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পথাৰত চোকা অস্ত্ৰৰে বৈশ্য নামৰ যুৱকজনক হত্যা কৰে অজয় দাসে ৷

কেৱল হত্যা কৰাই নহয় শিবুৰ নামৰ যুৱকজনৰ মুণ্ডছেদ কৰে অজয়ে ৷ ইফালে ছেদ কৰা মুণ্ড লৈ ৰুকচিন আৰক্ষী থানাত আত্মসমৰ্পণ কৰে হত্যাকাৰী অজয়ে ৷

লগতে পঢ়ক:Tragic Road Mishap: স্কুটী আৰু বলেৰ’ পিক আপ ভানৰ মাজত মুখামুখি সংঘৰ্ষ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.