Nalbari news: শিশুৰ অধিকাৰ শিক্ষা, কৰিছে লেট্ৰিন চাফা !

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 1:38 PM IST

thumbnail

নলবাৰী, ২০ অক্টোবৰ :  নলবাৰী জিলাৰ মুকালমুৱাৰ বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অন্তৰ্গত নদিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিনুৱাৰা বেগমৰ বিৰুদ্ধে উত্থাপন হৈছে বিভিন্ন অভিযোগ । বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিৰ চহী জালিয়াতিৰে বিভিন্ন শিতানৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে ৰাইজে শিক্ষয়িত্ৰী মিনুৱাৰা বেগমৰ বিৰুদ্ধে ৷

ধন আত্মসাৎ কৰাৰ লগতে শিক্ষাৰ্থীক নানা ধৰণৰ কাম কৰোৱাই বুলিও ৰাইজে জানিবলৈ দিছে ৷ বিদ্যালয়ত চাফাই কাম কৰাৰ লগতে লেট্ৰিন পৰ্যন্ত চাফা কৰিব লাগে বুলি খোদ শিক্ষাৰ্থীয়ে জানিবলৈ দিয়ে ৷ অভিযোগ অনুসৰি বিদ্যালয়ৰ অন্তঃগাঁথনিৰ লগতে বিভিন্ন শিতানৰ বাবে অহা ধন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ হস্তাক্ষৰ নোহোৱাকৈয়ে জালিয়াতিৰে উলিয়াই লয় তেওঁ ৷  কাম নকৰি চৰকাৰী ধন লুণ্ঠন কৰিছে প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে ।

যোৱা তিনিটা বছৰে বিদ্যালয় পৰিচালনা সমিতিৰ অনুমোদন নোহোৱাকৈ তেওঁ বিদ্যালয়ৰ ধন এইদৰে আত্মসাৎ কৰি আছে বুলি অভিযোগ ৰাইজৰ । প্ৰধান শিক্ষয়িত্ৰীৰ মইমতালিত অতিষ্ঠ হৈ বিদ্যালয়ত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে একাংশ স্থানীয় লোকে । অতি সোনকালে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ দুৰ্নীতিৰ উচিত তদন্ত কৰি উপযুক্ত শাস্তি দিবলৈ চৰকাৰক আহ্বান জনায় ৰাইজে ।

লগতে পঢ়ক : Apex Bank Scam : এপেক্স বেংকৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক নাই : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.