ETV Bharat / state

Apex Bank Scam : এপেক্স বেংকৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক নাই : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 6:11 PM IST

এপেক্স বেংকৰ লগত অসম চৰকাৰৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৷ কেলেংকাৰীত অভিযুক্ত ব্যৱসায়ীয়ে জালিয়াতি কৰি বুজন পৰিমাণৰ ঋণ গ্ৰহণ কৰাৰ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

Apex Bank Scam
নলবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নলবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নলবাৰী, ১৯ অক্টোবৰ : ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি-নিৰ্দেশনা অমান্য কৰি এপেক্স বেংকে বিতৰ্কিত ব্যৱসায়ীক 20 কোটিৰো অধিক ঋণ প্ৰদান কৰাক লৈ শেহতীয়াকৈ সৰব চৰ্চা চলিছে ৰাজ্যজুৰি ৷ সাৰদা চিট ফাণ্ড কেলেংকাৰীত অভিযুক্ত ব্যৱসায়ী ৰাজেশ বাজাজে ডিমাণ্ড বিল পাৰ্ছেচৰ জৰিয়তে জালিয়াতি কৰি বুজন পৰিমানৰ ধন ঋণ হিচাবে লোৱা কাৰ্যক সমালোচনা কৰিছে বিৰোধী দলসমূহে ৷ বিধায়ক তথা বেংকটোৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ সোঁহাত হোৱাৰ সুবাদতে চিবিআইৰ জেৰাৰ সন্মুখীন হোৱা ৰাজেশ বাজাজে 20 কোটি 30 লাখ টকাৰ ঋণ লাভ কৰা বুলিও সৰ্বত্ৰে চৰ্চা হৈছে ৷ তেনে সময়তে বৃহস্পতিবাৰে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

দুৰ্গা পূজা উপলক্ষে নলবাৰীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সন্মুখত কয় যে এপেক্স বেংক সম্পূৰ্ণ এটা স্বতন্ত্ৰ বেংক ৷ বেংকটোৰ লগত অসম চৰকাৰৰ কোনোধৰণৰ সম্পৰ্ক নাই ৷ যদিহে বেংকটোৰ তৰফৰ পৰা তদন্ত বিচাৰে, তেতিয়াহে চৰকাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াব ৷ অৱশ্য বেংকটোৰ লগত কোনো কোনো ৰাজনৈতিক ব্যক্তি জড়িত হৈ থকা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এসময়ত মেনেজিং ডিৰেক্টৰৰ ক্ষেত্ৰত চৰকাৰে নিয়োগ কৰিছিল বুলি সদৰী কৰি এপেক্স বেংকত চৰকাৰৰ সদস্য নিয়োগ কৰিছিল যদিও এপেক্স বেংক চৰকাৰী সংস্থা নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে, বৃহস্পতিবাৰে নলবাৰীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে ধমধমাৰ শতবৰ্ষ গৰকা দুৰ্গা পূজাৰ শুভ উদ্বোধন কৰি চমু ভাষণ প্ৰদান কৰে ৷ উক্ত অনুষ্ঠানতে ধমধমা দূৰ্গা মন্দিৰৰ উন্নয়নৰ বাবে ত্ৰিশ লাখ টকা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ধমধমাত পূজা অৰ্চনা কৰাৰ পাছতেই পোনে পোনে বিহামপুৰ বাৰোৱাৰী দুৰ্গামন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী । বিহামপুৰত পূজা অৰ্চনা কৰাৰ পাছতেই উপস্থিত হয় ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত । বিল্বেশ্বৰ দেৱালয়ৰ ভিতৰত সংবাদ মাধ্যমৰ প্ৰৱেশ বন্ধ কৰি মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ মংগলৰ দেৱী দূৰ্গাৰ সেৱা গ্ৰহণ কৰে৷ ইয়াৰ পাছতেই এখন জনসভাত অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।

ইপিনে সংবাদ মাধ্যমৰ মুখামুখি হৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দূৰ্গাপূজাৰ শুভেচ্ছা জ্ঞাপন কৰে । বিল্বেশ্বৰ দেৱালয়ক লৈ অসম চৰকাৰে মাষ্টাৰ প্লেন প্ৰস্তুত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই । আনহাতে ভূপেন বৰাই এইবাৰ নিৰ্বাচনত কংগ্ৰেছে অকলে প্ৰতিদন্দিতা কৰিব খোজাক লৈ কংগ্ৰেছে বা আন দলে আঢ়ৈটা লোকসভা সমষ্টিতহে নিৰ্বাচন খেলিব পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । বাকী চাৰে এঘাৰটা লোক সভা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলিব বুলি মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: Apex Bank Fraud : বিতৰ্কিত ৰাজেশ বাজাজে লোৱা ২০ কোটিৰ ঋণৰ তদন্তৰ দাবী বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.