APCC Press Meet: হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে ৰং সলায়: কংগ্ৰেছ

By

Published : Dec 23, 2022, 10:48 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

চৰকাৰী ভূমিত হোৱা বেদখলৰ বাবে কংগ্ৰেছ জগৰীয়া বুলি সদনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছ । আজি এই সন্দৰ্ভত গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে(Ramen Borthakur criticized Himanta Biswa Sarma) কয় যে বেদখলৰ বাবে যদি কংগ্ৰেছ জগৰীয়া হয় তেন্তে সমানে জগৰীয়া মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । কংগ্ৰেছত থাকোতেই হিমন্ত বিশ্ব শৰ্মাই ঐশ্বৰ্য্য, বিভূতি, ক্ষমতাকে ধৰি সকলো সুবিধা গ্ৰহণ কৰিছিল । তেওঁ আৰু কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই 'নাইপিয়া'ৰ দৰে সময়ে সময়ে ৰং সলায় । মুখ্যমন্ত্রীৰ কথাৰ কোনো গুৰুত্ব নাই বুলি উল্লেখ কৰি তেওঁ কয় যে সময়ে সময়ে মুখ্যমন্ত্রীয়ে কথা সলনি কৰে । তেওঁ লগতে কয় যে, মুখ্যমন্ত্রী আৰু বিজেপিৰ নেতাসকলে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা অসমত(Congress Bharat Jodo Yatra in Assam) বিফল হোৱা বুলি যিমানেই নকওক কিয় বাস্তৱত সফল হোৱাৰ কথা ইতিমধ্যে প্ৰমাণ হৈছে । কংগ্ৰেছৰ দেশজোৰা ভাৰত জোড়ো যাত্রা বন্ধ কৰাৰ বাবে বিজেপি চৰকাৰে ক'ভিডৰ আশ্ৰয় ল'ব লগা পৰিস্থিতি হৈছে । এই যাত্রাই হাৰিয়ানাৰ পৰা দিল্লীত প্ৰৱেশ কৰিব আৰু তাকে লৈ বিজেপি চৰকাৰ শংকিত হৈ পৰিছে । যাৰ বাবে এতিয়া ক'ভিডৰ দোহাই দি ভাৰত জোড়ো যাত্রা বন্ধ কৰিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে(Congress Bharat Jodo Yatra) ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.