Senior Basketball Tournament :হোজাইত আৰম্ভ ৰাজ্যিক ভিত্তিত চিনিয়ৰ বাস্কেটবল প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 10:40 AM IST

thumbnail

হোজাই, 8 নৱেম্বৰ : হোজাইত মঙলবাৰৰে পৰা অনুষ্ঠিত হৈছে ৰাজ্যিক ভিত্তিত চিনিয়ৰ বাস্কেটবল প্ৰতিযোগিতা । হোজাই নেতাজী সুভাষ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ALL ASSAM INTER DISTRICT ছিনিয়ৰ পুৰুষৰ বাস্কেট বল চেম্পিয়নশ্বিপ ।

হোজাই জিলা বাস্কেটবল এছ’চিয়েশ্যন আৰু অসম বাস্কেটবল এছ’চিয়েশ্যনৰ যুটীয়া সহযোগত ৭ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এই বাস্কেটবল প্ৰতিযোগিতা ৷ বাস্কেটবল প্ৰতিযোগিতাত ৰাজ্যৰ ২৫খন জিলাৰ দলে অংশগ্ৰহণ কৰিছে । উক্ত খেলৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বাস্কেটবল সন্থাৰ মুখ্য পৃষ্ঠপোষক ৰিণিকি ভূঞা শৰ্মাৰ লগতে হোজাই আৰু লামডিং সমষ্টিৰ বিধায়ক ক্ৰমে ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰৰ উপৰিও হোজাই জিলা বাস্কেটবল এছ'চিয়েশ্যনৰ সদস্যসকল আৰু হোজাই জিলা প্ৰশাসনৰ লোকসকল ।

লগতে পঢ়ক : Khel Maharan 2023: হোজাই জিলাৰ ১নং কাকী গাঁও পঞ্চায়তত ‘খেল মহাৰণ’ আৰম্ভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.