Self Defense Training in Jorhat: যোৰহাটত ছাত্ৰীক আত্মসুৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান বীৰাংগনাৰ

By

Published : May 11, 2023, 10:52 PM IST

thumbnail

যোৰহাট, 11 মে’:  যোৰহাটৰ নাৰী শিক্ষাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ছাত্ৰী সকলক আত্মসুৰক্ষাৰ প্ৰশিক্ষণ ৷ ছাত্ৰী সকলক আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ অসম আৰক্ষীৰ বীৰাংগনাৰ জৰিয়তে প্ৰদান কৰা হয় (Self Defense Training in Jorhat) ৷  

গুৱাহাটীৰ পৰা অহা বীৰাংগনাৰ দলে বাটে ঘাটে কোনো লোকৰ নিৰ্যাতনৰ সন্মুখীন হ’লে কি কৌশল প্ৰয়োগ কৰি দুৰ্বৃত্তক বশ কৰিব পাৰি তাৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে ৷ বীৰাংগনা সকলে ছাত্ৰী সকলক হাতে-কামে বিভিন্ন কৌশল প্ৰয়োগ কৰি দেখুৱাই ৷ আজিৰ এই অনুষ্ঠানত যোৰহাটৰ আৰক্ষী অধীক্ষককে ধৰি আন উচ্চপদস্থ বিষয়া সকল আৰু বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়ত্ৰী সকল উপস্থিতি থাকে (Self Defense and Martial Arts Training) ৷

উল্লেখ্য যে, বীৰংগনা দলে প্ৰদান কৰাৰ আত্মৰক্ষা প্ৰশিক্ষণত শিক্ষানুষ্ঠানৰ বহু সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ ৰাজ্য চৰকাৰে গ্ৰহণ কৰাৰ এই প্ৰশিক্ষণ কাৰ্যসূচীক শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকলে শলাগ লয় (Self Defense Training to Girls Students in Jorhat) ৷

লগতে পঢ়ক: Aasha Malviya in Jorhat: নাৰী সুৰক্ষা তথা সবলীকৰণৰ সজাগতাৰ হকে চাইকেলেৰে দেশ ভ্ৰমণ আশাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.