ETV Bharat / state

Aasha Malviya in Jorhat: নাৰী সুৰক্ষা তথা সবলীকৰণৰ সজাগতাৰ হকে চাইকেলেৰে দেশ ভ্ৰমণ আশাৰ

author img

By

Published : May 11, 2023, 8:22 PM IST

যোৰহাটত উপস্থিত হৈছে বিখ্যাত চাইক্লিষ্ট আশা মালৱীয়া ৷ ২০২২ বৰ্ষৰ ১ নৱেম্বৰত মধ্য প্ৰদেশ ভূপালৰ পৰা অকলে চাইকেল যাত্রা আৰম্ভ কৰা আশাই ইতিমধ্যে ১৬ খন ৰাজ্য পৰিভ্ৰমণ কৰি বৃহস্পতিবাৰে যোৰহাটত উপস্থিত হোৱাৰ পিচতে জিলাখনৰ উপাযুক্তই উষ্ম আদৰণি জনায় (Aasha Malviya reached in Jorhat)৷

Aasha Malviya reached in Jorhat
নাৰী সুৰক্ষা আৰু সবলীকৰণৰ সজাগতাৰ হকে আশাৰ চাইকেলেৰে ভাৰত ভ্ৰমণ

নাৰী সুৰক্ষা আৰু সবলীকৰণৰ সজাগতাৰ হকে আশাৰ চাইকেলেৰে ভাৰত ভ্ৰমণ

যোৰহাট, 11 মে’: বৰ্তমান সময়ত সততে নাৰী সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে ৷ ইয়াৰ মাজতে এগৰাকী যুৱতীয়ে সাহসেৰে নাৰী সুৰক্ষা আৰু সবলীকৰণৰ সজাগতাৰ বাৰ্তা লৈ চাইকেলেৰে সমগ্ৰ ভাৰত ভ্ৰমণ কৰিছে (Aasha Malviya reached in Jorhat)। বুধবাৰে যোৰহাটত উপস্থিত হৈছে আশা মালৱীয়া নামৰ মধ্যেপ্ৰদেশৰ যুৱতীগৰাকী ৷ মধ্য প্ৰদেশৰ ৰাজগড় জিলাৰ এখন ভিতৰুৱা গাঁৱৰ যুৱতী আশা (Aasha Malviya in Jorhat)।

"নাৰী সুৰক্ষা আৰু সবলীকৰণ"ৰ উদ্দেশ্য আগত ৰাখি দেশজুৰি সজাগতা সৃষ্টিৰ কৰা লক্ষ্যৰে তেওঁ অকলশৰে এখন চাইকেল লৈ সমগ্ৰ দেশ ভ্ৰমণ কৰিছে (Women Empowerment)। যোৱা ২০২২ বৰ্ষৰ ১ নৱেম্বৰত মধ্য প্ৰদেশ ভূপালৰ পৰা চাইকেল যাত্রা আৰম্ভ কৰা যুৱতীগৰাকীয়ে ইতিমধ্যে ১৬ খন ৰাজ্য পৰিভ্ৰমণ কৰি বৃহস্পতিবাৰে যোৰহাটত উপস্থিত হয় । যোৰহাটৰ জিলা উপায়ুক্ত পুলক মহন্তই সাহসী যুৱতী আশা মালৱীয়াক উষ্ম আদৰণি জনায় ৷

সমগ্ৰ দেশৰ ২৮ খন ৰাজ্য পৰিভ্ৰমণ কৰি ২৫ হেজাৰ কিলোমিটাৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য আশাৰ ৷ অহা ১৫ আগষ্টত তেওঁৰ এই যাত্ৰা দিল্লীত সামৰণি পৰিব । আজি যোৰহাটৰ পৰা তেওঁ ডিমাপুৰলৈ যাত্রা কৰিছে । উল্লেখযোগ্য যে, বিভিন্ন খেলত পাকৈত যুৱতীগৰাকীয়ে পৰ্বতাৰোহনত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিছে । স্মৰ্তব্য যে, বৰ্তমান এইগৰাকী যুৱতী দেশৰ নাৰী সমাজৰ বাবে আৰ্দশস্বৰূপ হৈ পৰিছে ।

আজি যোৰহাট জিলাত উপস্থিত হৈ আশা মালৱীয়াই যোৰহাটবাসীৰ মৰম আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । যোৰহাট জিলাৰ উপাযুক্তৰ সৈতে মত বিনিময় কৰি তেওঁ নাৰী সবলীকৰণৰ সন্দৰ্ভত আলোচনা কৰে ৷ তেওঁ লগতে কয় যে, ভাৰতবৰ্ষ নাৰীৰ বাবে এখন সুৰক্ষিত দেশ ৷ এইখন দেশত নাৰী সুৰক্ষাৰ হকে যথেষ্ট গুৰুত্ব প্ৰদান কৰা হয় ৷ এতিয়ালৈ এই যাত্ৰাৰ 15000 কিলোমিটাৰ সম্পূৰ্ণ কৰা বুলি কয় আশাই ৷

লগতে পঢ়ক: Raid in MC College Hostel: চাইবাৰ অপৰাধৰ গোচৰত গ্ৰেপ্তাৰ এম চি কলেজৰ ছাত্ৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.