Republic Day 2023: টিংখাঙত আৰক্ষীৰ নিছিদ্ৰ তালাচী অভিযান

By

Published : Jan 25, 2023, 8:33 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

কাইলৈ দেশে পালন কৰিব ৭৪ সংখ্যক গণৰাজ্য দিৱস । গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা(74th Republic day in Assam) । কিন্তু তাৰ মাজতে, আলফা স্বাধীনে শেহতীয়াকৈ গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত আৰক্ষী-প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী(ULFA calls for boycott of Republic Day) ।

কোনো উগ্ৰপন্থী সংগঠনে যাতে কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ উঠিছে আৰক্ষী প্ৰশাসন (Prevent any untoward incident) । টিংখাঙতো দেখা গৈছে আৰক্ষীৰ ব্যাপক তৎপৰতা । বিশেষকৈ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামুৰীয়া বগদাত চাৰিআলিৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথত টিংখাং আৰক্ষীয়ে দিনে-নিশাই তালাচী অব্যাহত ৰাখিছে । তন্ন তন্নকৈ পৰীক্ষা কৰিছে প্ৰতিখন দুচকীয়া-চাৰিচকীয়া বাহন(Police checking at Tingkhang) । 

গণৰাজ্য দিৱসৰ পূৰ্বে উগ্ৰপন্থী সংগঠনৰ কূটাঘাটৰ আশংকাত আৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা(Security tighten in Tingkhang ahead of Republic Day) । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছৰে পৰা আলফা স্বাধীনৰ সৈতে আলোচনা প্ৰক্ৰিয়াৰ বাবে তৎপৰ হৈছিল যদিও পুনৰ আলফাৰ সৈতে আলোচনা কৰাত জটিলতা আছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে(Republic day preparation in Assam) । ইয়াৰ পাছতে পুনৰ দেখিবলৈ পোৱা গ'ল গণৰাজ্য দিৱস বৰ্জনৰ বাবে আলফাই ২৬ জানুৱাৰীৰ নিশা ১২ বজাৰ পৰা আবেলি ৬ বজালৈ এই বন্ধৰ আহ্বান জনাইছে ৷ 

এই বন্ধত আলফা স্বাধীনে জৰুৰীকালীন বিভাগবোৰ, সংবাদমাধ্যম আৰু ধৰ্মীয় কামকাজ অব্যাহত ৰখাত কোনো বাধা নিষেধ নাথাকিব বুলি বিবৃতিটোত জনাইছে ৷ পূৰ্বৱৰ্তী সময়বোৰৰ দৰেই ৰাজহুৱা স্থান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়তো গণৰাজ্য দিৱস প্ৰত্যাখান কৰিবৰ বাবে আহ্বান জনাইছে আলফা স্বাধীনে । আনহাতে দুটা দিনৰ পূৰ্বে ডিব্ৰুগড়ত উজনি অসমৰ পাঁচখনকৈ জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া সকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিল বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । এই বৈঠকত আলফাৰ শেহতীয়া অৱস্থিতিৰ বিষয়েও আলোচনা কৰা হৈছিল । আৰু ইয়াৰ পাছতে ডিব্ৰুগড় জিলাত আৰক্ষীৰ তৎপৰতা অধিক বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.