Scotty distribution in Dibrugarh : ডিব্ৰুগড়ৰ ৬৭০ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক স্কুটী প্ৰদান

By

Published : Dec 8, 2022, 9:51 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয় ৷ ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত প্ৰজ্ঞান ভাৰতী আঁচনিৰ (Pragyan Bharati Scheme) অধীনত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰ আৰু ৬০ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে স্কুটীসমূহ বিতৰণ কৰে ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ (Minister Ranjeet Kumar Dass)লগতে মন্ত্ৰী বিমল বড়াই (Scotty distribution program in Dibrugarh) ৷ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলাখনৰ ৬৭০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয় ৷ একেদৰে এই অনুষ্ঠানতে ৩২০ খন বিদ্যালয়লৈ ফেন বিতৰণ কৰে ৷ এই অনুষ্ঠানত মন্ত্ৰী বিমল বড়া, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু (DC Biswajit Pegu), বিধায়ক বিনোদ হাজৰিকা (MLA Binod Hazarika) আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই বঁটা লাভ কৰি ছাত্ৰ-ছাত্ৰীসকল অধিক উৎসাহিত হ'ব বুলি কয় মন্ত্ৰী বিমল বড়াই (Cabinet Minister Bimal Bora)৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.