কলিয়াবৰত বিধানসভা পৰ্যায়ত আৰম্ভ সাংস্কৃতিক মহাসংগ্ৰাম

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 2:36 PM IST

thumbnail

কলিয়াবৰ, 14 ডিচেম্বৰ : গ্ৰাম্য আৰু নগৰাঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত প্ৰতিভাৱান লোকসকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যৰে সমগ্ৰ ৰাজ্যতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈছে ‘অসম সাংস্কৃতিক মহাসংগ্ৰাম’ শীৰ্ষক প্ৰতিযোগিতা ৷ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ লক্ষ্যৰে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা কলিয়াবৰতো বিধানসভা সমষ্টি পৰ্যায়ত প্ৰতিযোগিতাসমূহ বুধবাৰৰ পৰা আৰম্ভ হৈছে ৷

কলিয়াবৰৰ কুঁৱৰীটোলস্থিত মুক্তি যুঁজাৰু স্মৃতি ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাখনৰ আজি উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

পঞ্চায়ত পৰ্যায়ত হোৱা প্ৰতিযোগিতাত নিৰ্বাচিত প্ৰতিযোগীসকলেহে বিধানসভা পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 18 খন গাঁও পঞ্চায়তৰ জনগোষ্ঠীয় নৃত্য, বিহু, ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত, জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত মুঠ 862 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : কলিয়াবৰৰ কুঠৰীত দ্বীনী জলছাহ সম্পন্ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.