কলিয়াবৰৰ কুঠৰীত দ্বীনী জলছাহ সম্পন্ন

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 9:18 PM IST

thumbnail

কলিয়াবৰ, ১১ ডিচেম্বৰ : কলিয়াবৰৰ কুঠৰী ন-বস্তি জামে মছজিদৰ যুৱক সংঘৰ সৌজনত দ্বিতীয় বাৰ্ষিক দ্বীনী জলছাহ কাৰ্যসূচী বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন কৰা হয় । পুৱা গছপুলি ৰোপণেৰে আৰম্ভ হোৱা কাৰ্যসূচীত কণ কণ শিশুসকলৰ মাজত কোৰান পাঠ প্ৰতিযোগিতা, সম্বৰ্ধনা পৰ্ব আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় । গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কুঠৰী অঞ্চলৰ বিশিষ্ট তথা গণ্য-মান্য ব্যক্তিকে ধৰি অঞ্চলটোৰ প্ৰায়সংখ্যক লোকে ।

আনহাতে, বিয়লি অনুষ্ঠিত হয় জলছাহ উপলক্ষে মুকলি সভা । সভাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মপুথি পবিত্ৰ কোৰান শ্বৰীফৰ দফাসমূহৰ সাৱলীলভাৱে আলোচনা কৰা হয় । ইয়াৰ লগতে বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ লগতে ঐক্য আৰু সমন্বয়ৰ বাৰ্তা প্ৰেৰণেৰে দ্বিতীয় দ্বীনী জলছাহ কাৰ্যসূচী সম্পন্ন হয় ।

লগতে পঢ়ক :জাগীৰোডত বিদ্যালয় গৃহ নিৰ্মাণ চিআৰপিএফৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.