জাগীৰোডত বিদ্যালয় গৃহ নিৰ্মাণ চিআৰপিএফৰ

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 8:39 PM IST

thumbnail

মৰিগাঁও, ১১ ডিচেম্বৰ : চিআৰপিএফৰ ১২৮ বেটেলিয়নৰ উদ্যোগত সোমবাৰে জাগীৰোডৰ সাতভনী আঁচনিগাঁও উচ্চ প্ৰাথমিক বিদ্যালয়ত ৰূপায়ণ কৰা হয় চিভিক একচন প্ৰ'গ্ৰেম ২০২৩-২৪  ৷ উক্ত কাৰ্যসূচীত চিআৰপিএফৰ ১২৮ বেটেলিয়নে মেৰামতি কৰা সাতভনী আঁচনিগাঁও উচ্চ প্ৰাথমিক বিদ্যালয়ৰ এটি গৃহ মুকলি কৰা হয় ৷

পুনৰ নিৰ্মাণ কৰা বিদ্যালয় গৃহটি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি কৰে চিআৰপিএফ ১২৮ বেটেলিয়নৰ কামাণ্ডেণ্ট অফিচাৰ বিনয় ছেত্ৰীয়ে ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা শিক্ষা বিষয়া দয়ালকৃষ্ণ গগৈ, বাঘজাপ গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দেউৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ পিছপৰা অঞ্চলৰ জৰাজীৰ্ণ বিদ্যালয় গৃহবোৰ মেৰামতি কৰি আটকধুনীয়াকৈ সজাই-পৰাই তোলাৰ প্ৰয়াস চলাই আহিছে চিআৰপিএফৰ ১২৮ বেটেলিয়নে  ৷

লগতে পঢ়ক :খীৰতী গাইত পৰিণত দলগাঁও সমষ্টিৰ এম জি এনৰেগা আঁচনি !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.