টিংখাঙত আৰম্ভ গ্ৰাম্য ক্ৰীড়া সমাৰোহ ২০২৩

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 7:38 AM IST

thumbnail

মৰাণ, ২২ ডিচেম্বৰ : টিংখাঙত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে গ্ৰাম্য ক্ৰীড়া সমাৰোহ ২০২৩ । অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সৌজন্যত, তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতি (অসম) তথা নাচনী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই গ্ৰাম্য ক্ৰীড়া সমাৰোহ । নাচনী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত তিনিদিনীয়াকৈ আয়োজন কৰা ক্ৰীড়া প্ৰতিযোগিতাখনিৰ অলিম্পিক শিখা প্ৰজ্বলন কৰে ৰাজ্যিক ফুটবল খেলুৱৈ দেৱজিৎ বৰুৱাই ।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে অইল ইণ্ডিয়া লিমিটেডৰ আবাসিক মুখ্য বিষয়া অতীন্দ্ৰ ৰায়চৌধুৰীয়ে । এই শুভাৰম্ভণি অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া ডাঃ বসন্ত খনিকৰ, টিংখাং ৰাজহ চক্ৰ বিষয়া উপাসনা দুৱৰা, তৈলক্ষেত্ৰ গণস্বাৰ্থ সুৰক্ষা সমিতি (অসম)ৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন হাজৰিকা, শিক্ষাবিদ বিশ্ব জনীন দত্তকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য় যে, গ্ৰাম্য ক্ৰীড়া সমাৰোহত টিংখাং সমষ্টিৰ অন্তৰ্গত ৩০ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে । তিনিদিনীয়া ক্ৰীড়া সমাৰোহখনিত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণী পৰ্যায়ৰ খেলুৱৈসকলৰ মাজত দৌৰ, কাবাদী, খো-খো, ভলীবল আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: মাঘ বিহুৰ পিচতে প্ৰতিটো বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণ; ম’হে-বুলবুলিয়ে এছ অ’ পি মানিহে যুঁজিব

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.