ETV Bharat / state

মাঘ বিহুৰ পিচতে প্ৰতিটো বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণ; ম’হে-বুলবুলিয়ে এছ অ’ পি মানিহে যুঁজিব

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:36 PM IST

cabinet dicision
assam cabinet decisions

Assam Cabinet decisions: দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট

গুৱাহাটী, ২১ ডিচেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী অশোক সিংহল আৰু মন্ত্ৰী কেশৱ মহন্তই ।

  • We have further approved

    ✅ New plan for more open spaces in Guwahati

    ✅ The Assam Township Policy for regulating growth in urban areas

    ✅ 15% hike in stipend for internee doctors

    ✅₹205 cr for sports complex in Chandrapur & old age and child care centre in Boko

    2/2 pic.twitter.com/RzbJeSEodH

    — Himanta Biswa Sarma (@himantabiswa) December 21, 2023 " class="align-text-top noRightClick twitterSection" data=" ">
  1. আজিৰ কেবিনেটে আসাম ষ্টেট টাউনশ্বিপ পলিচী-২০২৩ ৰাজ্যজুৰি কাৰ্যকৰী কৰাৰ বাবে অনুমোদন জনায় । এই পলিচীৰ যোগেদি উন্নয়ন কৰ্তৃপক্ষই পৰিকল্পিতভাৱে নতুনকৈ টাউনশ্বিপ নিৰ্মাণ কৰিব পাৰিব । এই নিৰ্মাণকাৰ্য চৰকাৰী ভূমি অথবা ব্যক্তিগত ভূমি ক্ৰয় কৰি কৰিব পাৰিব । এই টাউনশ্বিপৰ ৰাস্তা-ঘাট আহল-বহল হ'ব লাগিব ।
  2. গুৱাহাটীৰ গাতে লাগি থকা ৩০০ একৰ তথা ৯০০ বিঘা ভূমিত নতুনকৈ টাউনশ্বিপ কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় । পলাশবাৰী ৰাজহ চক্ৰৰ অধীনত তিনিখন গাঁওমিলাই হ'ব এই টাউনশ্বিপ । ইয়াত চৰকাৰী মাটিৰ উপৰি ব্যক্তিগত ভূমিও আছে । পুৰণি চহৰৰ বাট-পথৰ প্ৰতি লক্ষ্য ৰাখি 'লোকেল এৰিয়া প্লেন' চমুকৈ 'লেপ' কৰা হৈছে । ইয়াৰ দ্বাৰা ৰাস্তা বহল কৰাৰ বাবে নতুন নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত প্ৰয়োজন অনুসৰি ৰাস্তাৰ বাবে ১৫-২০ ফুট ভূমি এৰি নিৰ্মাণকাৰ্য কৰিব লাগিব । এৰি দিয়া ভূমিৰ বাবে গৰাকীয়ে উচিত মূল্য লাভ কৰিব । এই টাউনশ্বিপৰ বাবে খচৰা প্ৰস্তুত কৰা হৈছে ।
  3. আজিৰ কেবিনেটে গৃহহীন লোকৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে আৰম্ভ কৰা হৈছে মুখ্যমন্ত্ৰীৰ আৱাস যোজনা । এই যোজনাৰ অধীনত এইবাৰ ১ লাখ ৩০ হাজাৰ গৃহ নিৰ্মাণ হ'ব । ইয়াৰে ১০ শতাংশ ঘৰ চাহ বাগিচাৰ লোকৰ বাবে সংৰক্ষিত থাকিব ।
  4. বসুন্ধৰা-২ৰ অধীনত ১৫৪০ গৰাকী খিলঞ্জীয়া লোকক ভূমিৰ পট্টা প্ৰদান কৰাৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হয় ।
  5. আজিৰ কেবিনেটত বকোত এটা OLD AGE HOME নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ বাবে ৮৫ কোটি টকা অনুমোদন দিয়া হয় । সেইদৰে চন্দ্ৰপুৰৰ প্ৰস্তাৱিত ক্ৰীড়া প্ৰকল্পৰ বাবে ১২০ কোটি টকাৰ অনুমোদন জনোৱা হয় ।
  6. কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসম লোক সেৱা আয়োগৰ সংযুক্ত পৰীক্ষাৰ নম্বৰ ২৭৫ পৰা ১৮০ লৈ হ্ৰাস কৰা হৈছে ।
  7. আনহাতে পূৰ্বৰ কেবিনেটত মাঘ বিহুৰ সময়ত হোৱা ম'হ যুঁজৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছিল । আজিৰ কেবিনেটত ম’হ যুঁজৰ লগতে বুলবুলি চৰাইৰ যুঁজৰ ক্ষেত্ৰতো অনুমতি প্ৰদান কৰা হয় । ইয়াৰ বাবে এছ অ' পি কৰি দিয়া হৈছে । এই এছ অ' পি অনুসৰি ম'হ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰিব লাগিব ।
  8. সেইদৰে চিকিৎসা বিজ্ঞানৰ ইন্টাৰ্নি সকলৰ পাৰিতোষিক ১৫ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হয় ।
  9. আনহাতে ১৬-২২ জানুৱাৰীৰ ভিতৰত প্ৰতিটো বিধানসভা সমষ্টিত ৰেচন কাৰ্ড নথকা পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব । নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলগীয়া পৰিয়ালে জানুৱাৰী মাহৰ চাউল লাভ কৰিব । লগতে লাভ কৰিব ৫ লাখ টকাৰ হেল্থ কাৰ্ড ।

লগতে পঢ়ক: যিদিনা নিজেই পেট্ৰ’ল ভৰাবলৈ সক্ষম হ’ব, সেইদিনা নিজৰ পচন্দৰ মানুহক বাইকত উঠাওক : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.