Rupak Sharma slams congress: অসমৰ ৰাইজে সপোনতো কংগ্ৰেছৰ কথা নাভাবে: ৰূপক শৰ্মা

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 9:44 PM IST

thumbnail

নগাঁও,১৪ নৱেম্বৰ: কংগ্ৰেছ ক্ষমতালৈ আহিলেই বিজেপি চৰকাৰৰ বিৰুদ্ধে চি বি আই, ই ডি ৰ জৰিয়তে তদন্ত আৰম্ভ কৰা হ'ব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই এটা মন্তব্য কৰাৰ পিছতেই ভূপেন বৰাক উভতি ধৰিলে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । মঙলবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত কংগ্ৰেছক তুলাধূণা দি ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰে বিধায়ক শৰ্মাই ।  

বিধায়ক শৰ্মাই কয় যে, অসমৰ ৰাইজে সপোনতো কংগ্ৰেছৰ কথা নাভাবে । কংগ্ৰেছক অসমৰ ৰাইজে ইতিমধ্যেই কফিনত ভৰাই কবৰ দি দিছে । বিগত ৭০ বছৰে কংগ্ৰেছে কৰা দূৰ্নীতিৰ ফাইল ইডি, চি বি আইয়ে খুলিছে । কংগ্ৰেছৰ দিনত প্ৰতিদিনেই দুই তিনিটাকৈ গঁড় হত্যা হোৱা বুলিও উল্লেখ কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে কংগ্ৰেছ শাসনকালত হোৱা গঁড়হত্যাৰ কথা ৰাইজে এতিয়াও পাহৰিব পৰা নাই ।  

কিন্তু বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই সম্পূৰ্ণ ৰোধ হৈছে গঁড় হত্যা । কংগ্ৰেছৰ পূৰ্বৰ ক'লা ইতিহাসো ৰাইজে পাহৰা নাই বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই । কংগ্ৰেছৰ চৰকাৰ আৰু কেতিয়াও নাহে বুলিও মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ।  

লগতে পঢ়ক: Minister Jayanta Malla Baruah : বিজেপিৰ দিনত অতি কষ্টৰে চলিবলগীয়া হৈছে মন্ত্ৰীসকল : জয়ন্ত মল্ল বৰুৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.