ETV Bharat / state

Minister Jayanta Malla Baruah : বিজেপিৰ দিনত অতি কষ্টৰে চলিবলগীয়া হৈছে মন্ত্ৰীসকল : জয়ন্ত মল্ল বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 7:59 PM IST

বিজেপিৰ দিনত মন্ত্ৰীৰ পইচা নহয় ৷ বহুত কষ্টৰে চলিব লাগে মন্ত্ৰীসকল ৷ মন্ত্ৰীসকল কেনেকৈ চলে, তাৰ হিচাপ শীৰ্ষ নেতৃত্বই ৰাখি থাকে ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক’লে এই কথা ৷

Minister Jayanta Malla Baruah
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

গুৱাহাটী, ১৪ নৱেম্বৰ : “ মই কলেজীয়া জীৱনত য়েজদি চলাই ফুৰিছিলো, সকলোৱে জানে ৷... এতিয়া মন্ত্ৰী হৈছো ইন’ভা এখন চলাও... ইমানেই...৷" ভূপেন বৰাক প্ৰত্যুত্তৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । কিন্তু কিয় এনেদৰে উত্তৰ দিবলগীয়া হ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ?

দুদিন আগতে কংগ্ৰেছ নেতালৈ বাম্পাৰ অফাৰ, আজি তাৰ ব্যাখ্যা ৷ ভূপেন বৰাক ২৫ কোটি, ৰকিবুল হুছেইনক ৩০ কোটি, গৌৰৱ গগৈক ৪০ কোটি টকাৰ জলজীৱন মিছনৰ ঠিকাৰ অফাৰ দি এতিয়া সেই 'বাম্পাৰ অফাৰ’ৰ ব্যাখ্যা আগবঢ়াইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

উল্লেখ্য যে শেহতীয়াভাৱে নগাঁও কংগ্ৰেছৰ জিলা সভাপতি সুৰেশ বৰাই বিজেপিত যোগদান কৰাৰ পাচত প্ৰসংগক্ৰমে কংগ্ৰেছৰ ভূপেন বৰা, ৰকিবুল হুছেইন, গৌৰৱ গগৈলৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আগবঢ়াইছিল এক বাম্পাৰ অফাৰ ৷ উক্ত বাম্পাৰ অফাৰ আগবঢ়োৱাৰ পাচতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ অধীনৰ জলজীৱন আঁচনিৰ ঠিকাৰ চিবিআইৰ তদন্ত দাবী কৰে কংগ্ৰেছৰ ভূপেন বৰা, ৰকিবুল হুছেইন আদিয়ে ।

আনকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ তদন্ত হোৱাটোও বিচাৰিলে ভূপেন বৰাই ৷ সেইদিনা কংগ্ৰেছৰ ভূপেন বৰাৰ তৰফৰ পৰা কোৱা হৈছিল যে ১২ কোটিৰ জলজীৱনৰ ঠিকাৰ বাবে সুৰেশ বৰাই বিজেপিত যোগদান কৰিছে । “ভূপেন বৰাই নিজেই কৈছে যে ১২ কোটি টকা ঠিকা সুৰেশ বৰা বিজেপিলৈ গুচি গ’ল ৷ যদি জিলা সভাপতিৰ ভেল্যু ১২ কোটিৰ ঠিকা তেন্তে ৰাজ্যিক সভাপতিৰ মূল্য ২৫ কোটি টকা, প্ৰাক্তন মন্ত্ৰীৰ মূল্য ৩০ কোটি টকা আৰু সাংসদ-চি ডব্লিউ চিৰ সদস্যৰ মূল্য ৪০ কোটি টকা হ’ব ৷ মই ঠিকাৰ কথা কোৱা নাই ৷ তেওঁলোকেহে কৈছে ঠিকাৰ কথা ৷ মই মাত্ৰ উদাহৰণহে দিছোঁ । ”

মঙলবাৰে সংবাদ মাধ্যমৰ সন্মুখত এইদৰে নিজৰ বাম্পাৰ অফাৰৰ ব্যাখ্যা আগবঢ়ালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ লগতে মন্ত্ৰীগৰাকীয়ে ক’লে, “আমি পদ্ধতিগতভাৱে ঠিকা দিও ৷ নিৰ্ধাৰিত পদ্ধতিৰ মাজেৰে ঠিকা আবণ্টন হয় ৷ ঠিকা যিয়েই নাপাওক তাৰ ক্ৰেডিট মই ল’মেই ৷ হিচাপটো মোৰ নহয় ৷ উপমাসহ মই উদাহৰণহে দিছো ৷”

ইয়াৰ উপৰিও মন্ত্ৰী জয়ন্ত মল্লই কংগ্ৰছৰ বহু নেতাই এতিয়াও বিজেপিত যোগদান কৰিবলৈ ফোন কৰি থকা বুলিও লগতে কয় ৷ আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ ইডি চিবিআই তদন্ত হ’ব লাগে বুলি কোৱা প্ৰসংগতো তেওঁ নিজেই উত্তৰ দিলে ৷ ভূপেন বৰাক উত্তৰ দিলে এইদৰে, “মই কলেজীয়া জীৱনত য়েজদি চলাই ফুৰিছিলো, সকলোৱে জানে ৷ যেতিয়া যুৱ কংগ্ৰেছ কৰিছিলো তেতিয়া স্ক’ৰপিঅ’ চলাই ফুৰিছিলো৷ এতিয়া মন্ত্ৰী হৈছো, ইন’ভা এখন চলাও ইমানেই আৰু...৷”

লগতে পঢ়ক : Jayanta Malla Baruah : ভূপেন বৰাক ২৫ কোটি, ৰকিবুল হুছেইনক ৩০ কোটি, গৌৰৱ গগৈক ৪০ কোটিৰ অফাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.