’২৪ ৰ লোকসভা নিৰ্বাচন : RSS ৰ কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:05 PM IST

thumbnail

গুৱাহাটী, ১৯ ডিচেম্বৰ : ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে গেৰুৱা দলে । লোকসভা নিৰ্বাচনৰ ৰণকৌশল নিৰ্ধাৰণৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছৰ সৈতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ঘনে ঘনে বহিছে গোপন বৈঠক । লোকসভা নিৰ্বাচনৰ পূৰ্বে দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে ইতিমধ্যে অসমত বাহৰ পাইছে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ ।

মঙলবাৰে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যকৰ্তা তথা আৰ এছ এছ নেতাৰ সৈতে মহানগৰীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত দুপৰীয়া তিনি বজাৰ পৰা এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় নেতাগৰাকী । এই বৈঠকত বি এল সন্তোষৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাসহ কেবাগৰাকীও বিজেপিৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে । প্ৰায় ৫ ঘণ্টাতকৈ অধিক সময়ৰ বৈঠকৰ অন্তত ওলাই আহে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকগৰাকী ।

অৱশ্যে সাংবাদ মাধ্যমৰ আগত কোনো মন্তব্য বা প্ৰতিক্ৰিয়া দিয়াৰ পৰা বিৰত থাকে বিজেপি ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে । আৰ এছ এছ ৰ কাৰ্যালয়ত আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হোৱা এই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : সমষ্টি উল্লেখ নকৰাকৈ সাংসদ আব্দুল খালেকে জমা দিলে আবেদন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.