মাজুলীৰ সত্ৰসমূহ দৰ্শন কৰি অভিভূত RSS প্ৰধান মোহন ভাগৱত

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 2:21 PM IST

thumbnail

মাজুলী, 29 ডেচেম্বৰ : তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীলৈ অহা RSS ৰ প্ৰধান মোহন ভাগৱতৰ ভ্ৰমণৰ আজি তৃতীয়টো দিন । এই তৃতীয় দিনত RSS প্ৰধান মোহন ভাগৱত মাজুলীৰ ঐতিহাসিক আউনিআটি সত্ৰত উপস্থিত হয় । তাৰ পাচতে তেওঁ ঐতিহাসিক সত্ৰখনত সেৱা লয় । ইয়াৰ পাচতে সত্ৰাধিকাৰ চ’ৰাত RSS ৰ প্ৰধানগৰাকীক আদৰণি জনায় আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ।

ঐতিহাসিক আউনিআটি সত্ৰত মাটি আখৰা উপভোগ কৰে RSS ৰ প্ৰধান মোহন ভাগৱতে । আজি অৰ্থাৎ শুকুৰবাৰে RSS প্ৰধানগৰাকীয়ে গড়মূৰত বিয়লিৰ ভাগত এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হোৱা RSS ৰ প্ৰধান মোহন ভাগৱতে ইতিমধ্যে সত্ৰ দ্বীপৰ কেইবাখনো সত্ৰ দৰ্শন কৰিছে । নদী দ্বীপ মাজুলীৰ সত্ৰসমূহ দৰ্শন কৰি অভিভূত হৈ পৰিছে RSS ৰ প্ৰধানগৰাকী ৷

লগতে পঢ়ক : মাজুলীত ধৰ্মান্তৰকৰণ, সত্ৰাধিকাৰৰ লগত কি আলোচনা মোহন ভাগৱতৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.