ETV Bharat / state

মাজুলীত ধৰ্মান্তৰকৰণ, সত্ৰাধিকাৰৰ লগত কি আলোচনা মোহন ভাগৱতৰ ?

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 5:23 PM IST

Mohan Bhagwat majuli
সত্ৰাধিকাৰ-ধৰ্মগুৰুৰ লগত আলোচনা মোহন ভাগৱতৰ

Mohan Bhagwat in majuli : মাজুলীত সত্ৰাধিকাৰৰ লগতে উত্তৰ-পূবৰ কেবাগৰাকীও ধৰ্মগুৰুৰ সৈতে মিলিত হ’ল মোহন ভাগৱত ৷ হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্ট্ৰান ধৰ্মমুখী হোৱা মাজুলীৰ লোকসকলৰ প্ৰসংগত হ’ল বিশেষ আলোচনা ৷

সত্ৰাধিকাৰ-ধৰ্মগুৰুৰ লগত আলোচনা মোহন ভাগৱতৰ

মাজুলী, 28 ডিচেম্বৰ : তিনিদিনিয়া কাৰ্যসূচীৰে বুধবাৰে মাজুলীত উপস্থিত হৈছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱত ৷ সংঘৰ প্ৰধানগৰাকীৰ উপস্থিতিত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ পেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল উত্তৰ-পূব সন্ত সন্মিলন । মৃহস্পতিবাৰে সামৰণী পৰে উক্ত সন্ত সন্মিলনৰ ৷ উক্ত সন্মিলনৰ উত্তৰ পূবৰ প্ৰায় 130 গৰাকীয় সত্ৰাধিকাৰ, ধৰ্মগুৰুৱে অংশগ্ৰহণ কৰে ৷

শেহতীয়াকৈ সত্ৰপীঠ মাজুলীৰ বহুসংখ্যক জনগোষ্ঠীয় পৰিয়ালে খ্ৰীষ্ট্ৰান ধৰ্ম গ্ৰহণ কৰাৰ পাছত স্বাভাৱিকতেই উত্তৰ-পূব সন্ত সন্মিলনত বিশেষ স্থান পালে ধৰ্মান্তকৰণে ৷ সন্মিলনত অংশগ্ৰহণ কৰি RSS প্ৰধান মোহন ভাগৱতে ভাষণ প্ৰসংগত কয় যে নিজা ধৰ্মৰ প্ৰতি নিষ্ঠা কমি গ’লেই ধৰ্মান্তৰকৰণ হয় ৷ ইয়াৰ কাৰণ হ’ল জনজাতীয় লোকসকলৰ লগত আমাৰ সম্পৰ্ক কমি গ’ল ৷ আমি সম্পৰ্ক ঠিক কৰিলে আমাৰ ভাই-বন্ধুসকল পুনৰ আমাৰ মাজলৈ ঘূৰি আহিব ৷

ভাগৱতে কয় যে তেওঁলোকৰ শিক্ষা, স্বাস্থ্য, উপাৰ্জনৰ ওপৰত আমি গুৰুত্ব দিব লাগিব । সামাজিক সচেতনতা আৰু সামাজিক ব্যাধিৰ ওপৰত আলোচনা কৰি প্ৰচাৰৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি মন্তব্য আগবঢ়ায় মোহন ভাগৱতে ।

আনহাতে সন্মিলনত অংশগ্ৰহণ কৰে আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়েও ৷ সত্ৰাধিকাৰগৰাকীয়ে কয়, ‘‘ এয়া আমাৰ মহাসংগ্ৰাম ৷ আমি মিলিত হ’লেই নহ’ব, আমাৰ অন্তৰো মিলিত হ’ব লাগিব ৷ উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্ম বিশৃংখলিত হৈছে ৷ উত্তৰ পূৰ্বাঞ্চল ধৰ্ম, বতাহ দূষিত হৈছে ৷ আমি যদি একেলগ হওঁ, এই দূষিত বতাহ আঁতৰাব পাৰিম ৷’’

মূলতঃ ধৰ্মান্তৰিত হোৱা লোকসকলকৰ প্ৰসংগত আলোচনা কৰা হয় ৷ সন্মিলনত আলোচনা কৰা হয় কিদৰে ধৰ্মান্তৰিত হোৱা লোকসকলক পূৰ্বৰ ধৰ্মলৈ উভতাই আনিব পাৰি ৷

লগতে পঢ়ক: RSS নেতা মোহন ভাগৱতক সাক্ষাৎ আনন্দ মিশ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.