RSS নেতা মোহন ভাগৱতক সাক্ষাৎ আনন্দ মিশ্ৰৰ

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 8:04 AM IST

Updated : Dec 28, 2023, 8:24 AM IST

thumbnail

মাজুলী,২৮ ডিচেম্বৰ : তিনিদিনীয়া কাৰ্যসূচীৰে বুধবাৰে মাজুলীত উপস্থিত হয় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সংঘচালক মোহন ভাগৱত । ডিব্ৰুগড়ৰ পৰা পোনে পোনে মাজুলীৰ ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত হয় RSS নেতাগৰাকী । উত্তৰ কমলাবাৰী সত্ৰত মোহন ভাগৱত উপস্থিত হোৱাৰ পাছতেই হঠাৎ সত্ৰত উপস্থিত হয় IPS আনন্দ মিশ্ৰ । মিশ্ৰই সাক্ষাৎ কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নেতাগৰাকীক ।  

উত্তৰ কমলাবাৰীৰ অতিথি গৃহত মোহন ভাগৱতক সাক্ষাৎ কৰে IPS আনন্দ মিশ্ৰই । আনন্দ মিশ্ৰই পোন প্ৰথমে RSS ৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক উল্লাস কুলকৰ্ণিক সাক্ষাৎ কৰে । উল্লেখ্য পদত্যাগৰ এদিন পিছতে RSS নেতাগৰাকীক সাক্ষাৎ কৰাৰ প্ৰসংগই এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ মনত সৃষ্টি কৰিছে কৌতুহলৰ । 

লগতে পঢ়ক : ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ টনা-টনি, আশা এৰি দিয়া নাই আপে

Last Updated : Dec 28, 2023, 8:24 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.