ETV Bharat / state

ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ টনা-টনি, আশা এৰি দিয়া নাই আপে

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 7:09 AM IST

বিৰোধী ঐক্য মঞ্চৰ পৰা ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈক প্ৰাৰ্থিত্ব দিয়াৰ চিন্তা চৰ্চা চলাৰ পিচতে সৰৱ হৈ পৰিছে আপ ৷ "আমাক লাগে ডিব্ৰুগড় লোকসভা সমষ্টি" - আপৰ নেতা মনোজ ধানোৱাৰ ৷

Etv BharatAAP Assam public rally
ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ টনা-টনি, আশা এৰি দিয়া নাই আপে

ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ টনা-টনি, আশা এৰি দিয়া নাই আপে

মৰাণ, 28 ডিচেম্বৰ : লোকসভা নিবাৰ্চনলৈ মাজত মাথোঁ কেইটামানদিন দিন ৷ সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক, বিৰোধী সকলো ৰাজনৈতিক দলৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । সমষ্টিয়ে সমষ্টিয়ে শাসক দল বিজেপিৰ সমানে বিৰোধী ঐক্য মঞ্চত অন্তভুৰ্ক্ত দলসমূহেও আৰম্ভ কৰিছে দলীয় সাংগঠনিক কাম-কাজ।

ইয়াৰ মাজতে, যোৱা 26 নৱেম্বৰৰ পৰা ডিব্ৰুগড় লোকসভা সমষ্টিত আপ অসমে গাঁ‌ৱে গাঁ‌ৱে গৈ "গাঁ‌ৱলৈ যাত্ৰা" কাৰ্যসূচী ৰূপায়ণ কৰিছে । সবল গাঁও, উন্নত অসম লক্ষ্যৰে আম আদমী পাৰ্টী অসম (আপ)ৰ দলে গাঁ‌ৱে গাঁ‌ৱে ঘূৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান ।

আনহাতে, বিৰোধী ঐক্য মঞ্চৰ পৰা ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈক প্ৰাৰ্থিত্ব দিয়াৰ বাবে চিন্তা চৰ্চা চলিছে । কিন্তু আপ অসমে দাবী কৰে যে, ডিব্ৰুগড় লোকসভাত সমষ্টিত আপৰ সাংগঠনিক দিশ শক্তিশালী সেয়ে ডিব্ৰুগড় লোকসভা সমষ্টি আপক লাগে । আপ অসমৰ উপ সভাপতি মনোজ ধানোৱাৰে ডিব্ৰুগড়ৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে ৷

কিন্তু বিৰোধী ঐক্য মঞ্চত অন্তভুৰ্ক্ত কংগ্ৰেছকে ধৰি অন্য দলসমূহে লুৰীণ জ্যোতি গগৈৰ সমৰ্থনত থকা বুলি খবৰ ওলাইছে । তথাপিও আশা এৰি দিয়া নাই আপে । হাতে-কামে ডিব্ৰুগড় লোকসভা সমষ্টিত ব্যস্ত হৈছে আপ।

বুধবাৰে লাহোৱাল সমষ্টিৰ চিৰিংহোলা গাওঁ পঞ্চায়ত আৰু ৰমাই গাওঁ পঞ্চায়তত আপৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰে প্ৰচাৰ অভিযান চলায় । প্ৰায় শতাধিক আপৰ কৰ্মীয়ে বাইক ৰেলীৰে চলোৱা এই প্ৰচাৰ অভিযানত গাঁ‌ও অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলকো লগ ধৰে দলটোৱে । এই অভিযানত অংশগ্ৰহণ কৰি আপৰ নেতা মনোজ ধানোৱাৰে কয় যে, পাঁচটা লোকসভা সমষ্টিত নিবাৰ্চন খেলিবলৈ বিৰোধী ঐক্য মঞ্চত প্ৰস্তাৱ দিছে আপে । বিৰোধী ঐক্য মঞ্চই সন্মতি প্ৰদান কৰিলে অধিক শক্তিশালীভাৱে প্ৰতিদ্বন্দিতাত নামিব আপ।

লগতে পঢ়ক: বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে চলোৱা উচ্ছেদক অবৈধ আখ্যা উচ্ছেদিতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.