মাজুলীত উপস্থিত RSSৰ সংঘচালক মোহন ৰাও ভাগৱত

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 9:39 PM IST

thumbnail

মাজুলী, 27 ডিচেম্বৰ : বুধবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে মাজুলীত উপস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সংঘচালক ড৹ মোহন ৰাও ভাগৱত ৷ মাজুলীৰ সত্ৰাধিকাৰসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে সত্ৰপীঠখনত উপস্থিত হয় সংঘচালকগৰাকী ৷

ডিব্ৰুগড়ৰ পৰা পোনে পোনে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত হয় মোহন ভাগৱত ৷ তিনিদিনীয়া কাৰ্যসূচীৰে বুধবাৰে সন্ধিয়া মাজুলীত উপস্থিত হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ড৹ মোহন ৰাও ভাগৱতে উত্তৰ কমলাবাৰী সত্ৰৰ উপৰিও মাজুলীৰ ঐতিহ্যমণ্ডিত দাক্ষিণপাট, আউনিআটি সত্ৰ দৰ্শন কৰিব ৷

ইয়াৰ উপৰিও ২৯ ডিচেম্বৰৰ বিয়লি ২:৩০ বজাত গড়মুৰ সত্ৰৰ মিনি ষ্টেডিয়ামত এক বিশাল ৰাজহুৱা সভাত বৌদ্ধিক ভাষণ প্ৰদান কৰিব মোহন ভাগৱতে ৷

উল্লেখ্য যে, আৰ এছ এছ প্ৰধানগৰাকীৰ আগমনৰ ফলত ইতিমধ্যে নাগালেণ্ড, মিজোৰামৰ লগতে আন আন বিভিন্ন প্ৰান্তৰ ধৰ্মগুৰুৱে ভিৰ কৰিছে সত্ৰপীঠ মাজুলীত ৷

লগতে পঢ়ক: পদত্যাগ পত্ৰ দাখিলৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ আনন্দ মিশ্ৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.