পদত্যাগ পত্ৰ দাখিলৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ আনন্দ মিশ্ৰৰ

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 5:17 PM IST

Updated : Dec 27, 2023, 5:51 PM IST

thumbnail

মাজুলী, 27 ডিচেম্বৰ : ‘‘ প্ৰক্ৰিয়া চলি আছে, সকলো সম্পন্ন হোৱাৰ পাছত ক’ম ৷ ভৱিষ্যৎ পৰিকল্পনা হিচাবে গাঁৱলৈ যাম, গাঁৱত থাকিম ৷’’ বিগত 18 ডিচেম্বৰত পদত্যাগ পত্ৰ দাখিলৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে এইদৰে মন্তব্য কৰে আই পি এছ আনন্দ মিশ্ৰই ৷

লখিমপুৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে মঙলবাৰে হঠাৎ পদত্যাগ পত্ৰ দাখিলৰ পাছত ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ পাছতে বুধবাৰে আৰক্ষী বিষয়াগৰাকীক দেখা গ’ল মাজুলীত ৷ বুধবাৰে পৰিয়ালসহ মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত সেৱা ল’লে আনন্দ মিশ্ৰই । পদত্যাগৰ সন্দৰ্ভত ১৫ জানুৱাৰীৰ পাছতহে মন্তব্য কৰিব বুলি ক’লে IPS আনন্দ মিশ্ৰই ।

ইফালে ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে সোধাত আৰক্ষী বিষয়াগৰাকীয়ে কয় যে তেওঁ গাঁৱলৈ গৈ গাঁৱতে থাকিব ৷ মাজুলীৰ সন্দৰ্ভত আনন্দ মিশ্ৰই কয় যে মাজুলীলৈ যোৱাৰ বাবে তেওঁ বহুদিনৰ পৰা মন কৰি আছিল, কিন্তু সময়-সুবিধা মিলাব পৰা নাছিল ৷  আজি সুবিধা মিলাৰ বাবে নিজকে সৌভাগ্যৱান বুলি ভবা বুলি মন্তব্য কৰে আই পি এছ আনন্দ মিশ্ৰই ৷

লগতে পঢ়ক: IPS বিষয়া আনন্দ মিশ্ৰৰ পদত্যাগ; প্ৰত্যক্ষ ৰাজনীতিত যোগদানৰ সম্ভাৱনা প্ৰকট

Last Updated : Dec 27, 2023, 5:51 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.