মাজুলীৰ দক্ষিণপাট সত্ৰত সেৱা আৰএছএছ প্ৰধান মোহন ভাগৱতৰ

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 7:55 PM IST

thumbnail

মাজুলী, ২৮ ডিচেম্বৰ : তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হোৱা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে বৃহস্পতিবাৰে সন্ধিয়া মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ পৰিদৰ্শন কৰে । দক্ষিণপাট সত্ৰত উপস্থিত হৈ আৰএছএছ প্ৰধানগৰাকীয়ে নামঘৰত চাকি জ্বলায় আৰু মূল কীৰ্তন ঘৰত সেৱা লয় ।

আনহাতে, মোহন ভাগৱতৰ সত্ৰলৈ আগমন উপলক্ষে সত্ৰৰ বৰচ'ৰাত তেওঁক অসমীয়াৰ স্বাভিমান চেলেং চাদৰ আৰু ফুলাম গামোচাৰে দাক্ষিণপাট সত্ৰৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয় । লগতে মোহন ভাগৱতক প্ৰদান কৰা হয় সত্ৰৰ বিষয়ে ৰচিত কেইবাখনো মূল্যৱান গ্ৰন্থ । উল্লেখ্য যে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ সৈতে মোহন ভাগৱতে মত বিনিময়ো কৰে ।

ইয়াৰ উপৰি দক্ষিণপাট সত্ৰৰ ঐতিহাসিক ইন্দ্ৰাভিষেক নৃত্যও উপভোগ কৰে আৰএছএছ প্ৰধানগৰাকীয়ে । আনহাতে, তেওঁ সত্ৰৰ বৰ ভঁৰালো পৰিদৰ্শন কৰে । নিজৰ বক্তব্যত মাজুলীৰ ঐতিহাসিক সত্ৰ দৰ্শন কৰি অভিভূত হোৱা বুলি উল্লেখ কৰে আৰএছএছ প্ৰধান মোহন ভাগৱতে । মাজুলীৰ দৰে পবিত্ৰ ভূমিলৈ আহি ধন্য হোৱা বুলি মোহন ভাগৱতে কয় ।

উল্লেখ্য যে তেওঁ পুনৰ মাজুলীলৈ অহাৰ আশা ব্যক্ত কৰি কয় যে আগন্তুক দিনত আন আন সত্ৰৰ লগতে মাজুলীৰ বিভিন্ন ঠাই তেওঁ পৰিদৰ্শন কৰিব ।

লগতে পঢ়ক :মাজুলীত ধৰ্মান্তৰকৰণ, সত্ৰাধিকাৰৰ লগত কি আলোচনা মোহন ভাগৱতৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.