Robbery in Jamugurihat: জামুগুৰিহাটত পুৱতি নিশা ডকাইতি কাণ্ড,লুটি নিলে আ-অলংকাৰকে ধৰি নগদ ধন

By

Published : May 26, 2023, 3:38 PM IST

thumbnail

চতিয়া, ২৬ মে’ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ জানিব পৰা মতে পুৱতি নিশা জামুগুৰি থানাৰ অন্তৰ্গত সৰুভগীয়া গাঁৱৰ পাৰুল শইকীয়া নামৰ মহিলা গৰাকীৰ ঘৰত তিনিজনীয়া ডকাইতৰ এটা দলে প্ৰৱেশ কৰি মহিলা গৰাকীক মুখত সোপা দি লুটি নিয়ে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন (Robbery in Jamugurihat) ৷  

ঘটনা সংঘটিত কৰি অকলশৰীয়া মহিলা গৰাকীক ঘৰৰ ভিতৰত তলা লগাই আঁতৰি যায় ডকাইতৰ দলটো ৷ পুৱাৰ ভাগত ওচৰ চুবুৰীয়াই মহিলা গৰাকীৰ চিঞৰ শুনি ঘৰৰ ভিতৰত অৱদ্ধ হৈ থকা মহিলাগৰাকীক উদ্ধাৰ কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে (Woman Robbed in Jamugurihat) ৷

লগতে পঢ়ক: Poisonous mushrooms reaction: সাপেখাতীত বনৰীয়া কাঠফুলা খাই অসুস্থ ১৩ গৰাকী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.