Biswanath robbery incident:গাড়ীৰ গ্লাছ ভাঙি ডকাইতে নিলে প্ৰায় বিশ লাখ টকা

By

Published : Aug 3, 2023, 8:40 PM IST

thumbnail

বিশ্বনাথ, ৩ আগষ্ট : বিশ্বনাথ চাৰিআলিত বৃহস্পতিবাৰে দিনৰ ভাগতে নগৰখনৰ মাজমজিয়াৰ পৰা দুৰ্বৃত্তই লুটি নিলে বৃহৎ পৰিমাণৰ ধন । জানিব পৰা মতে, বিশ্বনাথ চাৰিআলি আমবাৰী ধৰ্মশালাৰ সমীপতে ৰখাই থোৱা এখন মাৰুতি চুজুকি চুইফটৰ পিচফালৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে ১৯ লাখ টকা ৷

শ্ৰমিকক প্ৰদান কৰিবৰ বাবে HDFC বেংকৰ পৰা পইচা উলিয়াই ধুলি চাহ বাগিছালৈ নিয়াৰ কথা আছিল ৷ বেংকৰ পৰা পইচা লৈ ৰাম ভৰষা হোটেলত চাহ খাবলৈ সোমাওঁতেই দুৰ্বৃত্তই লুটি নিলে উক্ত ধন ৷

জানিব পৰা মতে, গাড়ীখনত আছিল ধুলি চাহ বাগিছাৰ তিনি গৰাকীকৈ কৰ্মচাৰী ৷ সেইবাবে দুৰ্বৃত্তই নিব নোৱাৰিলে কিছু পৰিমাণৰ টকা ৷ আনুমানিক ৬ লাখ টকা পৰি ৰ’ল গাড়ীৰ ভিতৰত ৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰিছে ৷ 6 লাখ টকা খুচুৰা হিচাপত উলিয়াইছিল কাৰণে চাগে হয়তো দুৰ্বৃত্তই সেই টকাখিনি নিবলৈ অসমৰ্থ হয় ৷

লগতে পঢ়ক : Wooden bridge at Sootea:চতিয়াৰ টৌ দলঙৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.