ETV Bharat / state

Wooden bridge at Sootea:চতিয়াৰ টৌ দলঙৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক

author img

By

Published : Jul 31, 2023, 4:38 PM IST

দৈনিক মৃত্যুৰ বাটেৰে অহা-যোৱা কৰিছে চতিয়া ৪ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত পলশনি গাঁও আৰু কুৰুৱাআতি গাঁৱৰ লোকসকলে ৷ জনতাৰ প্ৰশ্নৰ উত্তৰ নাই প্ৰতিনিধিৰ হাতত ৷

a wooden bridge at sootea panics villagers
দলঙৰ দুৰৱস্থা

দলঙৰ দুৰৱস্থা

বিশ্বনাথ, ৩১ জুলাই : বিশ্বনাথ বিধান সভা সমষ্টিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ । দৰাচলতে এই কাঠৰ দলংখন দেখিবলৈ যেনেকুৱা লাগিছে প্ৰকৃতাৰ্থত কিন্তু তেনেকুৱা নহয় । এই দলংখনেৰে সাধাৰণ মানুহে দিনটোত অহা যোৱা কৰিবলৈ এশবাৰ চিন্তা কৰিবলগীয়া হয় । কিজানিবা হঠাৎ ভাঙি পৰে দলংখন ! কিন্তু তেনেকৈয়ে মৃত্যুৰ বাটেৰে দৈনিক অহা-যোৱা কৰে তেওঁলোকে ৷ অঞ্চলবাসী সদায় শংকিত হৈ থাকিব লাগে দলংখন ইপাৰ সিপাৰ হোৱাৰ সময়ত ।

আপোনালোকৰ মনত আছে নে এই দলংখনক কেন্দ্ৰ কৰি এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছিল ৷ এক অতীত আছে দলংখনৰ । ন-দুৱাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত চতিয়াৰ দক্ষিণ অঞ্চলৰ পশ্চিম কুৰুৱাআতি প্ৰাথমিক বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী সকলে এসময়ত টৌ, গামলাত উঠি ঘিলাধাৰী নদী পাৰ হৈ বিদ্যালয়লৈ অহা যোৱা কৰিছিল ৷ এই শিহৰণকাৰী দৃশ্য হয়তো বাতৰিত দেখা সকলোৰে মনত আছে ৷ ইতিমধ্যে সেই বাতৰি আমি ইটিভি ভাৰত অসমে ধাৰাবাহিকভাৱে প্ৰকাশ কৰাৰ লগতে আন আন বাতৰিকাকত তথা সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ধাৰাবাহিক বাতৰিৰ পিচতেই চতিয়া ৪ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত পলশনি গাঁও আৰু কুৰুৱাআতি গাঁৱৰ সংযোগী কাঠৰ দলংখন নিৰ্মাণ হ’ল আৰু দলংখন নিৰ্মাণৰ দায়িত্ব পালে বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ আত্মীয় দিগন্ত বৰঠাকুৰে ৷ কিন্তু এই অতি গুৰুত্বপূৰ্ণ দলংখন ইমানেই নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা হ’ল যে নিৰ্মাণৰ দুটা বছৰ সম্পূৰ্ণ নৌহওতেই দলংখন পৰিণত হ’ল মৰণ ফান্দত ৷ জহি-খহি গ’ল দলংখন ৷ বৃহৎ বৃহৎ আকাৰৰ গাঁত দেখিবলৈ পোৱা গৈছে দলংখনত ৷

যাৰ বাবে এতিয়া পশ্চিম কুৰুৱাআতি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱা কৰোতে পুনৰ যে আকৌ নৌকা যাত্ৰালৈ ঘূৰি যাবলগীয়া হ’ব সেয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আত্মীয়ক দলং নিৰ্মাণৰ দায়িত্ব দি দলংখন নিৰ্মাণ কৰি থকা সময়ত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবেই লাখটকীয়া দলংখন দুবছৰতে জহি-খহি যোৱা বুলি স্থানীয় ৰাইজে অভিযোগ আনিছে ৷

লগতে পঢ়ক : No Bridge in Silapothar: চৰকাৰে নাচায় চকু মেলি; গাঁঠিৰ ধনেৰে ৰাইজে সাজিলে বাঁহৰ দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.