ৰখাই থোৱা ট্ৰাকত ডকাইতি, ট্ৰাক চালকক মাৰপিট

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 5:51 PM IST

thumbnail

শিলচৰ, 2 জানুৱাৰী : মঙলবাৰে নিশা কাছাৰৰ কাটিগড়া কালাইনচৰাত এক দুৰ্ধৰ্ষ ডকাইতিৰ ঘটনা সংঘটিত হয় । 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা দুখন পণ্যবাহী ট্ৰাকত লুটপাট অস্ত্ৰধাৰী পাঁচজনীয়া ডকাইতৰ দলৰ । লগতে দলটোৱে দুয়োখন ট্ৰাকৰ চালকক মাৰপিট কৰি লুটি লৈ যায় প্ৰায় 1 লাখ টকাসহ মোবাইল ফোন । 

ট্ৰাক চালকৰ অভিযোগ অনুসৰি, গুৱাহাটীৰ পৰা সামগ্ৰী লৈ শিলচৰলৈ আহি থকাৰ সময়ত কাছাৰৰ কাটিগড়া কালাইনচৰাত ঘাইপথৰ ওচৰতে খাবলৈ বুলি চালক দুজনে ট্ৰাক দুখন ৰখাইছিল ৷ তেতিয়াই পাঁচজনীয়া এটা দলে হঠাৎ সেই স্থানত উপস্থিত হৈ ট্ৰাক চালকসকলৰ পৰা প্ৰথমে সুৰা খোজে তাৰ পিচতে হঠাৎ বেগৰ পৰা চোকা অস্ত্ৰ উলিয়াই চালকসকলক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে । তাৰোপৰি দুখন ট্ৰাকৰ চালকক মাৰপিট কৰে অস্ত্ৰধাৰী দলটোৱে । মাৰপিট কৰি দলটোৱে দুখন ট্ৰাকৰ পৰা প্ৰায় 1 লাখ টকাসহ মোবাইল ফোন লুট কৰি লৈ যায় ৷ 

ঘটনাৰ পাচতে চালকসকলে কাটিগড়া আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে । ট্ৰাক দুখনৰ চালক দুজনৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: প্ৰেমৰ প্ৰলোভন দি যুৱতীক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.