Titabor road accident:সুৰাৰ ৰাগীত খুন্দিয়ালে বিদ্যুৎ পৰিৱাহী খুঁটাত, আহত তিনি

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 10:46 AM IST

thumbnail

যোৰহাট, 11 অক্টোবৰ : তিতাবৰত সুৰাসক্ত চালকৰ তাণ্ডৱ । পথ দুৰ্ঘটনাত আহত তিনি । সুৰাৰ বাবেই হোৱা ঘটনাটোত অন্ধকাৰত বুৰ গ’ল এটা অঞ্চল । মঙলবাৰে নিশা তিতাবৰত সংঘটিত হ’ল এক ভয়াৱহ পথ দুৰ্ঘটনা । তীব্ৰ বেগী চুইফট ডিজায়াৰ বাহনে মহতিয়াই নিলে বিদ্যুৎ পৰিৱাহী খুঁটা । তিতাবৰ তাঁতীগাঁৱৰ শিৱ মন্দিৰৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা । দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে AS-03H-0849 ।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰা চালকসহ আৰোহীজন সুৰাসক্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে । এই পথ দুৰ্ঘটনাত ৩ জন লোক গুৰুতৰভাৱে আহত হৈছে যদিও তেওঁলোকৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । মন কৰিবলগীয়া যে বিদ্যুৎ পৰিৱাহী খুঁটাত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত অঞ্চলত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰাৰ লগতে অঞ্চলটোৰ বিভিন্নজনৰ ঘৰত থকা টিভি, এয়াৰ কুলাৰ আদি কৰি বিভিন্ন মূল্যৱান সামগ্ৰী নষ্ট হৈছে বুলি জানিবলৈ দিছে ৰাইজে ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত সকলক প্ৰাথমিক চিকিৎসা বাবে ওচৰৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে, যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ মহকুমাৰ বিভিন্ন স্থানত পথ দুৰ্ঘটনাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে আৰু প্ৰায় সংখ্যক পথ দুৰ্ঘটনাই সুৰা সেৱন কৰি গাড়ী চলোৱাৰ বাবে হোৱা বুলি এক বিশেষ সুত্ৰই জানিবলৈ দিছে । সুৰা সেৱন কৰি ৰাজপথত দৌৰাত্ম্য চলোৱা এইসকল গাড়ী চালকক নাকী লগাবলৈ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজ লগতে সচেতন নাগৰিক সমাজে ।

লগতে পঢ়ক : Beats student badly : ঘৰুৱা শিক্ষকৰ প্ৰহাৰত আহত পঞ্চম শ্ৰেণীৰ ছাত্ৰ, অভিভাৱকৰ এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.