ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা : বিদ্যুতৰ তাঁৰ ছিগি পৰিল ৰাজপথত

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:16 AM IST

thumbnail

চামগুৰি, 29 নৱেম্বৰ : নগাঁও জিলাৰ ৰূপহীহাটত শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ মঙলবাৰে ৰূপহীহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। ৰূপহী অভিমুখে আহি থকা মেজিক বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই টাৱাৰৰ খুঁটিত খুন্দা মাৰে ৷ তাৰ পিচতে মেজিক বাহনখনে টাৱাৰৰ খুঁটিত খুন্দিয়াই এখন বাইকত খুন্দা মাৰে ৷

এই ঘটনাৰ পিচতে শ শ বাহন আৱদ্ধ হৈ পৰে ৰাজ্যিক ঘাইপথটোত । এই দুৰ্ঘটনাত বিদ্যুতৰ তাঁৰ চিঙি যোৱাত সমগ্ৰ ৰূপহীহাটত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে ৷ দুৰ্ঘটনা সংঘটিত কৰা মেজিক বাহনখনৰ নম্বৰ হৈছে AS02DC 4084 । এই পথ দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ 

আঘাতপ্ৰাপ্ত লোক কেইজনক নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: নগাঁও জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ চৌহদৰ পৰাই চোৰে লুটিলে 2 লাখ টকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.