Road Accident At Nalbari: কাতি বিহুৰ নিশা নলবাৰীত পথ দুৰ্ঘটনাত মৃত্যু এজনৰ

By

Published : Oct 19, 2022, 1:49 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

কাতি বিহুৰ নিশাই নলবাৰীৰ বালিকৰিয়াৰ এটা পৰিয়াললৈ নামি আহিল এক দুঃসংবাদ ৷ নাম প্ৰসংগ কৰি সমনীয়াৰ সৈতে নিশা বালিকৰিয়া-নলবাৰী সংযোগী পথৰ কাষৰে আহি থকা সময়তে এক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন 4 জন লোক(1 Dead in Nalbari Road Accident) ৷ দুৰ্ঘটনাত নিহত লোকজন বালিকৰিয়াৰ পবিত্ৰ তালুকদাৰ বুলি জানিব পৰা হৈছে ৷ আনহাতে আহত লোককেইজন ক্ৰমে কিশোৰ তালুকদাৰ, নগেন চৌধুৰী আৰু গোপাল বৰ্মন বুলি জানিব পৰা হৈছে(4 injured in Nalbari Road Accident) ৷ লোককেইজনে নাম প্ৰসংগ কৰি খোজকাঢ়ি আহি থকা সময়তে নলবাৰী দিশৰ পৰা তীব্ৰবেগেৰে অহা মুকালমুৱাৰ ধ্ৰুৱজ্যোতি বৰ্মনে AS 14 N 3317 পালচাৰ 220 বাইকৰে খুন্দা মাৰে ৷ উক্ত দুৰ্ঘটনাত বাইক আৰোহী ধ্ৰুৱজ্যোতি বৰ্মনো গুৰুতৰভাৱে আহত হোৱাৰ কথা জানিব পৰা গৈছে ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.