Road Accident in Lakhimpur: ট্ৰাকৰ খুন্দাত নিহত বাইক আৰোহী

By

Published : Nov 17, 2022, 2:29 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

লখিমপুৰ জিলাৰ তৰাজুলীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident in Lakhimpur) । এই দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হয় (One dead in Road accident)। জানিব পৰা মতে তেজপুৰৰ পৰা লখিমপুৰ অভিমুখে আহি থকা AS 07BC 4585 নম্বৰৰ এখন ট্ৰাকৰ খুন্দাত AS 07 R 8256 নম্বৰৰ মটৰচাইকেলৰ আৰোহীজন থিতাতে নিহত হয় । নিহত লোকজন ধেমাজি জিলাৰ চিলাপথাৰৰ ভৱেশ দাস বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাকখনৰ চালকে পলায়ন কৰে যদিও বান্দৰদেৱা আৰক্ষীয়ে আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় । ইফালে নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যায়লৈ প্ৰেৰণ কৰে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.