Road Accident At Kaliabor: কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Mar 25, 2023, 9:45 AM IST

thumbnail

কলিয়াবৰ, 25 মাৰ্চ: কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিল বিলাসী বাহন ৷ কলিয়াবৰৰ কুঁৱৰীটোলত নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে কেইবা লুটি খালে এখন বিলাসী বাহন ৷ দুৰ্ঘটনাটোত অৱশ্যে সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰিল দুই যাত্ৰীৰ (Road Accident in Kaliabor) ৷

নগাঁৱৰ পৰা জখলাবন্ধা অভিমুখে গৈ থকা অৱস্থাত বাহনখনৰ এই ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটোত বাহনত থকা মহিলা যাত্ৰীগৰাকী আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনৰ পঞ্জীয়ন নম্বৰ AS ১২ Y ২১৩৭ (Road Accident At Kaliabor) 

বাহনখনৰ চালকগৰাকীয়ে জনোৱা মতে, সন্মুখৰ পৰা অহা এখন ট্ৰাক বাহনখনৰ অত্যাধিক কাষ চাপি অহাত, চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় | পৰৱৰ্তী সময়ত ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ আহত অৱস্থাত মহিলাগৰাকীক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক:Man missing in Raha: কৰ্মৰ সন্ধান ওলাই যোৱা বাৰিকা হীৰাৰ সন্ধান নাই তিনিদিনে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.