Man missing in Raha: কৰ্মৰ সন্ধান ওলাই যোৱা বাৰিকা হীৰাৰ সন্ধান নাই তিনিদিনে

By

Published : Mar 24, 2023, 10:57 PM IST

thumbnail

ৰহা,২৪ মাৰ্চ: বিগত তিনিদিন ধৰি সন্ধানহীন হৈ আছে ৰহাৰ আমনিশালীৰ বাৰিকা হীৰা নামৰ এজন ৫৫ বছৰীয়া ব্যক্তিৰ(One person from Raha is missing) । কৰ্মৰ সন্ধানত পাঠশালালৈ যোৱা ব্যক্তিগৰাকী সন্ধানহীন বিগত তিনিদিন ধৰি । ঘৰলৈ বুলি বন্ধু এজনৰ লগত উভতি অহাৰ সময়তে গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰাই সন্ধানহীন‌ হয় উক্ত ব্যক্তিগৰাকী । ইতিমধ্যে তিনিদিন ধৰি ব্যক্তিগৰাকীৰ সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে ব্যক্তিজনৰ পৰিয়ালবৰ্গ তথা ওচৰ-চুবুৰীয়া লোকসকল(Man missing in Guwahati railway station) ।  

আনহাতে উক্ত ঘটনা সন্দৰ্ভত নিৰুদ্দেশ হৈ থকা লোকজনৰ পৰিয়ালে ৰহা আৰক্ষীৰ ওচৰত দিখিল কৰিছে এখন এজাহাৰ(Man missing in Raha) । পিছে বৰ্তমানেও আৰক্ষীয়ে ব্যক্তিজনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই । অৱশেষত চিন্তিত হৈ পৰিয়ালৰ লোকে সহায় বিচাৰে স্থানীয় সংবাদ মাধ্যমৰ । কোনো লোকে ব্যক্তিগৰাকীৰ সন্দৰ্ভত কিবা তথ্য লাভ কৰিলে 8638366121 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে নিৰুদ্দেশ হৈ থকা বাৰিকা হীৰাৰ পৰিয়ালে । 

লগতে পঢ়ক: AMCH doctor negligence : আজৱ কাণ্ড, নিশা হাস্পতালত শুবলৈহে যায় চিকিৎসক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.