ভয়ংকৰ পথ দুৰ্ঘটনা, পথচাৰীক মহতিয়ালে তীব্ৰবেগী বাহনে

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 11:48 AM IST

thumbnail

গোলাঘাট, 25 ডিচেম্বৰ : গোলাঘাট জিলাৰ লুৰুকিহাটত দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তীব্ৰবেগী বাহনে মহতিয়াই লৈ গ’ল এখন বাহনক ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা ৷ লগ লগে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । 

ঘটনাৰ বিৱৰণী অনুসৰি, নিশা ৰঙাজানৰ পৰা দৰৱ নিবলৈ খোজ কাঢ়ি আহি থকা অৱস্থাত ৰঞ্জুমণি বৰা নামৰ মহিলাগৰাকীক নুমলীগড় দিশৰ পৰা আহি থকা এখন তীব্ৰবেগী বাহনে খুন্দা মাৰে ৷ ফলত ঘটনাস্থলীতে বাগৰি পৰে মহিলাগৰাকী ৷

লগে লগে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ আহত মহিলাগৰাকীক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। তাৰ পিচতে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গোলাঘাট যান-বাহন আৰক্ষীৰ এটা দল উপস্থিত হৈ বাহনখন জিম্মাত লৈ তদন্ত প্ৰতিক্ৰিয়া আৰম্ভ কৰে। 

লগতে পঢ়ক: গুৱাহাটীৰ দক্ষিণ কালাপাহাৰ বনাঞ্চলত চলিব উচ্ছেদ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.