Road accident in Nagaon: ৰূপহীহাটৰ লাওঁখোৱাত পথ দুৰ্ঘটনাত নিহত এক

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 8:04 PM IST

thumbnail

চামগুৰি, ১৩ নৱেম্বৰ : দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে ৰূপহীহাটৰ লাওঁখোৱাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । এখন মেক্সিম' বাহনে একে দিশত গৈ থকা এখন টমটমক মহতিয়াই নিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় । এই দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত দুজনলোক । অৱশ্য়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দয়াল মণ্ডলক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় । ইফালে, আহত মেঘলাল মণ্ডলক চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে ।

এই পথ দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হয়  উত্তপ্ত পৰিস্থিতিৰ । দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে মেক্সিম' বাহনখনৰ চালকজন । সঘনাই সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ থকা ঠাইখনত গতিৰোধকৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পিচত ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে  জব্দ কৰে দূৰ্ঘটনাগ্ৰস্ত বাহন দুখন ।

লগতে পঢ়ক:Congress internal clash: নগাঁও জিলা কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ খোৱা-কামোৰা; হাইকমাণ্ডৰ শৰণাপন্ন ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.