Road accident at Kaliabor: কলিয়াবৰত দুৰ্ঘটনাত পতিত হ’ল শিক্ষামূলক ভ্ৰমণৰ বাছ

By

Published : Dec 23, 2022, 10:49 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

কলিয়াবৰ নলতলিত শুকুৰবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Kaliabor) ৷ শিক্ষামূলক ভ্ৰমণলৈ অহা বাছ আৰু মটৰ চাইকেল কঢ়িয়াই অনা এখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই সংঘটিত হয় এই দুৰ্ঘটনাটো । ঘটনাৰ বিবৰণী মতে, তেজপুৰৰ পৰা শিক্ষামূলক ভ্ৰমণ সামৰি নগাঁৱলৈ উভতি আহিছিল বাছখন । পথৰ কাষত ৰখাই থোৱা NL০১ Q১৪২৫ নম্বৰৰ ৰখাই থোৱা ট্ৰাক এখন হঠাতে যাবলৈ ধৰাত পিচ ফালৰ পৰা ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা বাছখনে তীব্ৰ বেগেৰে খুন্দা মাৰে । এই দুৰ্ঘটনাৰ ফলত বাছখনৰ কিছু ক্ষতি সাধন হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলো কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় । খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.