Road accident in Nalbari: শোকাৱহ! নলবাৰীত বাছৰ পৰা নামোতেই নিহত বৃদ্ধা

By

Published : Apr 20, 2023, 1:00 PM IST

thumbnail

নলবাৰী, ২০ এপ্ৰিল: নলবাৰী জিলাৰ গনেশ মন্দিৰ চ’কত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা (Tragic incident in Nalbari) । পৰিবহন নিগমৰ চলন্ত যাত্ৰীবাহী বাছৰ পৰা নামিব লওঁতেই চকাত সোমাই মৃত্যুক সাৱটি লয় এগৰাকী বৃদ্ধাই । 

ঘটনাৰ বিৱৰণি মতে, আজি পুৱা জিলাখনৰ ধমধমাৰ পৰা নলবাৰী দিশলৈ অহা এখন এ এছ টি চি বাছৰ পৰা বৃদ্ধা গৰাকীয়ে গণেশ মন্দিৰ চ'কত নামিবলৈ লৈছিল (Road accident in Nalbari)। এই বাছখন ৰখিব লওঁতে বৃদ্ধা গৰাকীয়ে পিছলি বাছখনৰ তলত সোমাই পৰে । ফলত গাড়ীখনৰ চকা দেহৰ ওপৰৰে উঠি যোৱাত থিতাতে নিহত হয় বৃদ্ধাগৰাকী ।

ইপিনে,বৃদ্ধাগৰাকীয়ে পৰিধান কৰা কাপোৰ গাড়ীৰ চকাত সোমাই যোৱাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰে । সম্প্ৰতি নিহত মহিলাগৰাকীৰ পৰিচয় লাভ কৰিব পৰা হোৱা নাই ।

লগতে পঢ়ক:State cabinet meeting : অসম অৰুণাচল সীমা বিবাদ সন্দৰ্ভত বৃহস্পতিবাৰে স্বাক্ষৰ হ’ব বুজাবুজিৰ চুক্তি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.