ETV Bharat / state

State cabinet meeting : অসম অৰুণাচল সীমা বিবাদ সন্দৰ্ভত বৃহস্পতিবাৰে স্বাক্ষৰ হ’ব বুজাবুজিৰ চুক্তি

author img

By

Published : Apr 19, 2023, 10:50 PM IST

বুধবাৰে দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট ৷ ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ অসম অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ (Assam arunachal border dispute) ৷

State cabinet meeting
জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট

জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট

গুৱাহাটী, 19 এপ্ৰিল : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত বুধবাৰে ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । জনতা ভৱনত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদমেল যোগে অৱগত কৰে মন্ত্রী কেশৱ মহন্ত, অশোক সিংহল আৰু জয়ন্তমল্ল বৰুৱাই (Dicision of Assam cabinet meeting )।

কেবিনেটে ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ চলা আপাতকালীন অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আন্দোলন কৰা ৩০১ গৰাকী লোকতন্ত্র সেনানীক মাহিলী পেঞ্চন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি তেওঁলোকক মাহিলী ১৫ হাজাৰ টকাৰ পেঞ্চন দিয়া হ'ব বুলি আজিৰ কেবিনেটে ঘোষণা কৰে । আনহাতে, আজিৰ কেবিনেটে বিনিয়োগৰ ক্ষেত্রত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । অসমৰ আঠটা মেগা প্ৰকল্পৰ বাবে ৮২০১.২৯ কোটি টকা বিনিয়োগৰ এটা প্ৰস্তাৱত অনুমোদন জনাই আজিৰ কেবিনেটে । ইয়াৰ ফলত প্ৰত্যক্ষভাৱে ৬১০০ জনে নিযুক্তি লাভ কৰিব বুলি উল্লেখ কৰে ।

অসমৰ উদ্যোগীকৰণৰ ক্ষেত্রত গ্ৰহণ কৰা হৈছে এক ডাঙৰ সিদ্ধান্ত । আঠটা মেগা প্ৰকল্পৰ চুক্তি স্বাক্ষৰিত হ'ব অহা ৯ মে'ত । আনহাতে ক্ৰীড়া নীতিৰ আধাৰত ৰাষ্ট্ৰীয় গেমছত পদক লাভ কৰাসকলক তৃতীয় বৰ্গৰ চাকৰি প্ৰদান দিয়া হ'ব । আজিৰ কেবিনেটে নেশ্যনেল গেমছত পদক বিজয়ী দহগৰাকী খেলুৱৈক তৃতীয় বৰ্গৰ চাকৰি দিয়াৰ বাবে অনুমোদন জনায় । তেওঁলোক হৈছে অনন্যা শইকীয়া, অদিনীতা কাকতি, অংকুশিতা বড়ো, চয়নিকা গগৈ, সোণমা ব্ৰহ্ম, ৰংগিলা দৈমাৰী, বিক্ৰম চাংমাই, দীপাংকৰ শৰ্মা, বংগিতা হাজৰিকা আৰু আনন্দ কুমাৰ নাৰ্জাৰী (Assam cabinet decision for industrilization) ।

আনহাতে আজিৰ কেবিনেটে অইল ইণ্ডিয়া লিমিটেড আৰু আসাম গেছ কোম্পানীৰ এটা জইণ্ট ভেঞ্চাৰ কোম্পানী কৰাৰ ক্ষেত্রত অনুমোদন জনায় । এই কোম্পানীয়ে চিটি গেছ ছাৰ্ভিছৰ বাবে কাম কৰিব । সেইদৰে অসম-অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত আঞ্চলিক সমিতিসমূহে দিয়া অনুমোদনসমূহত আজিৰ কেবিনেটে অনুমোদন জনায় । এই সন্দৰ্ভত কাইলৈ 20 এপ্ৰিলৰ 6 বজাত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ'ব (Mou between Assam Arunachal) ।

লগতে পঢ়ক : Karnataka Election 2023: ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই; তালিকাত নাম নাই সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.