River Cruise : বাংলাদেশৰ পৰা দেশী-বিদেশী পৰ্যটকসহ ধুবুৰীত প্ৰৱেশ বিলাসী জাহাজ চৰাইদেউ-২ৰ

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 7:27 PM IST

thumbnail

ধুবুৰী, 16 অক্টোবৰ : ধুবুৰীত দেশী-বিদেশী পৰ্যটকৰ দল ৷ পাঁচ বিদেশী পৰ্যটকসহ এঘাৰজনীয়া এটা পৰ্যটকৰ দল চৰাইদেউ-২ নামৰ বিলাসী জাহাজেৰে সোমবাৰে উপস্থিত হয় ধুবুৰীত ৷  

এম ভি গংগাবিলাসৰ পাছত এইবাৰ বাংলাদেশ হৈ অসমত প্ৰৱেশ চৰাইদেউ-২ নামৰ বিলাসী জাহাজৰ ৷ বাংলাদেশৰ ঢাকাৰ পৰা ধুবুৰী হৈ পাণ্ডুলৈ যাত্ৰা কৰা বিদেশী পৰ্যটকসহ চৰাইদেও-২ জাহাজখন সোমবাৰে ধুবুৰীত উপস্থিত হয় ৷ জাহাজখনত ভাৰতীয় পৰ্যটকৰ লগতে আছে পাচঁজন বৃটিছ পৰ্যটক ৷  

ইয়াৰ পিছতে পৰ্যটক সকলক ই-ৰিক্সাৰে ধুবুৰী চহৰ ভ্ৰমণ কৰোৱা হয় ৷ ঐতিহাসিক ৰাণী ভিক্টোৰিয়া পাৰ্ক, গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰ, পাঁচপীৰ দৰগাহকে ধৰি বিভিন্ন ঐতিহাসিক সমল সমূহ পৰিদৰ্শন কৰে তেওঁলোকে ৷ উল্লেখযোগ্য যে পৰ্যটক সকলে ধুবুৰীৰ বিভিন্ন ঠাইত থকা ঐতিহাসিক সমল সমূহ পৰিদৰ্শন কৰাৰ পিছত সোমবাৰেই ধুবুৰীৰ পৰা গোৱালপাৰা অভিমুখে ৰওনা হয় আৰু মঙলবাৰে গোৱালপাৰাৰ সূৰ্য পাহাৰ পৰিভ্ৰমণ কৰিব পৰ্যটকৰ দলটোৱে ৷ 

লগতে পঢ়ক : Natural History Museum : আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী ফটোগ্ৰাফাৰ প্ৰতিযোগিতাত জিলিকিল দলগাঁৱৰ নেজিব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.