Republic Day 2023 : গণৰাজ্য দিৱস উপলক্ষে নাজিৰাত সজাগতামূলক বাটৰ নাট

By

Published : Jan 26, 2023, 6:23 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

আজি গণৰাজ্য দিৱস (74th Republic Day)। দেশজুৰি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে এই বিশেষ দিনটো । শিৱসাগৰ জিলাৰো বিভিন্ন প্ৰান্তত এই দিৱস উলহ মালহেৰে পালন কৰা হয় (Republic Day celebration in Sivsagar)। বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানত পুৱাই পতাকা উত্তোলন কৰা হয় । ইফালে প্ৰশাসনৰ উদ্যোগতো গণৰাজ্য দিৱসৰ আয়োজন কৰা হয় । ইফালে নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগতো গণৰাজ্য দিৱসৰ ব্যাপক আয়োজন কৰা হয় ।

কিন্তু গণৰাজ্য দিৱসৰ কাৰ্যসূচী চলি থকাৰ মাজতে খেলপথাৰত দুই ব্যক্তিৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । কাৰ্যসূচী চলি থকাৰ মাজতে দুয়োগৰাকী ব্যক্তিৰ মাজত প্ৰচণ্ড মাৰপিট হোৱা দেখা যায় । দুয়োগৰাকীৰে মাৰপিট দেখি হতবাক উপস্থিত ৰাইজ । অৱশ্যে সঠিক সময়ত আৰক্ষী উপস্থিত হৈ ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । আচলতে এয়া নাজিৰাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীহে (Awareness street play in Nazira)। ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰশাসনে । জানিব পৰা মতে বাটৰ নাট দেখি প্ৰথম অৱস্থাত আৰক্ষীও বিপাঙত পৰিছিল ।

প্ৰশাসনৰ লোক আৰু সাংবাদিকে এই সজাগতামূলক বাটৰ নাটৰ আয়োজন কৰিছে । য'ত দুগৰাকী ব্যক্তিৰ মাজৰ কাজিয়াক লৈ সৃষ্টি হ'ব পৰা পৰিস্থিতি আৰু তাক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেয়া দেখুওৱা হৈছে । লগতে ইয়াৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা অনাৰো প্ৰয়াস কৰা হৈছে । অভিনয়ত নাজিৰাৰ এগৰাকী সাংবাদিক আৰু প্ৰশাসনৰ লোক অংশগ্ৰহণ কৰে ।

পৌৰসভাৰ তৰফৰ পৰা নাজিৰাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কৰা এয়া এক অনন্য প্ৰচেষ্টা । বিশেষকৈ জাৱৰ পেলোৱাকলৈ সঘনাই সংঘটিত হোৱা পৌৰ কৰ্মী আৰু ৰাইজৰ মাজৰ সংঘাত কেনেকৈ ৰোধ কৰিব পাৰি তাকেই ৰাইজৰ আগত দাঙি ধৰি নাট প্ৰদৰ্শন কৰা হৈছে । ইফালে গণৰাজ্য দিৱসৰ দিনটোত প্ৰশাসনৰ এই পদক্ষেপক বিভিন্নজনে আদৰণি জনাইছে ।

উল্লেখ্য যে নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে । লগতে অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু স্থানীয় লোকসকল উপস্থিত থাকে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.