Republic day 2023: কাৰ্বি আংলঙৰ এখন বিদ্যালয়ত ব্যতিক্ৰমী ৰূপত গণৰাজ্য দিৱস পালন

By

Published : Jan 26, 2023, 10:47 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

দেশজুৰি পালন কৰা হ’ল গণৰাজ্য দিৱস(Republic day 2023) ৷ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ সীমান্তৱৰ্তী চুচেনধেণ্টা কাৰ্বি-আংলং স্বায়িত্ব শাসিত পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰঙাগৰা উচ্চ মাধ্যমিক বিদ্যালয়তো পালন কৰা হ’ল গণৰাজ্য দিৱস(Republic day in Karbi anglong) ৷ পুৱাই বিদ্যালয়ৰ খেলপথাৰত পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক মুৰুলী বৰাই ৷ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন চন্দ্ৰ মাৰাকে ৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডেৰ অভিবাদন জ্ঞাপন কৰে আৰক্ষী বিষয়াগৰাকীক ৷  

আৰক্ষী বিষয়াগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকল আগত গণৰাজ্য দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ব্যতিক্ৰমী অনুষ্ঠানৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক ভূয়সী প্ৰশংসা কৰে ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক মুৰুলী বৰাৰ তত্বাৱধানত অংকীয়া ভাওনা আৰু মুখা ভাওনাৰ এক আৰ্হি দাঙি ধৰে ছাত্ৰ-ছাত্ৰীসকলে । লগতে গান্ধীৰ দাণ্ডি যাত্ৰাৰ এক নাটকীয় মূহুৰ্তও দাঙি ধৰে ছাত্ৰ-ছাত্ৰীসকলে । ছাত্ৰীৰ এটা দলে ধান খুন্দা 'লেমপন-চকচন' নৃত্যও পৰিৱেশন কৰে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.