ৰে’ল বিভাগৰ উচ্ছেদক লৈ মৰিয়নীত উত্তপ্ত পৰিস্থিতি; ৰে’লৰ আগত পৰি প্ৰাণ দিয়াৰ হুংকাৰ ভুক্তভোগীৰ

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 1:38 PM IST

thumbnail

যোৰহাট, 9 জানুৱাৰী : ‘‘আমি দুনিয়াখন চাফা কৰো ৷ আমি চাফা কৰিলেহে ডাঙৰ ডাঙৰ মানুহবোৰে বহিব পাৰে ৷ কিন্তু এতিয়া তেওঁলোকে আমাকে চাফাই কৰিবলৈ লৈছে ৷ নিৰ্বাচনৰ আগত ভোট বিচাৰি হাতজোৰ কৰি আমাৰ কাষলৈ আহে ৷ কিন্তু এতিয়া আমি হাতজোৰ কৰি কৰা মিনতিক বৰমূৰীয়াসকলে গুৰুত্ব নিদিয়ে ৷’’ এয়া মৰিয়নী পৌৰসভাৰ 4 নং ৱাৰ্ডৰ আম্বেদকাৰ ক’লনিবাসীৰ ভাষ্য ৷

তথ্য অনুসৰি, মঙলবাৰে মৰিয়নী সমষ্টিৰ অন্তৰ্গত মৰিয়নী পৌৰসভাৰ 4 নং ৱাৰ্ডৰ আম্বেদকাৰ ক’লনিত ৰে’ল বিভাগৰ তৰফৰ পৰা চলাইছে উচ্ছেদ অভিযান ৷ প্ৰায় 100 বছৰ ধৰি বাস কৰি থকা লোকসকলক প্ৰশাসন তথা ৰে’ল বিভাগে কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ চলাইছে এই উচ্ছেদ অভিযান । এই অভিযোগ অঞ্চলবাসীৰ ৷ যাৰ ফলত বিপাঙত পৰিছে অঞ্চলটোৰ ৰাইজ ৷

ক’লৈ যাব, কি কৰিব ? কোনে শুনিব তেওঁলোকৰ কথা ? যদিহে চৰকাৰৰ ফালৰ পৰা তেওঁলোকক থকাৰ কোনো ব্যৱস্থা কৰি দিয়ে, তেন্তে স্ব-ইচ্ছাই তেওঁলোকে উলাই যাব বুলিও সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে উচ্ছেদিত লোকসকলে ৷ অন্যথা উচ্ছেদিত সকলোৱে ৰে’লপথত পৰি নিজৰ জীৱন দিবলৈকে সাজু আছে বুলিও হুংকাৰ দিয়ে।

ভুক্তভোগী লোকসকলৰ অভিযোগ, বৰ্তমানলৈকে কোনো জনপ্ৰতিনিধিয়ে খবৰ লোৱা নাই তেওঁলোকৰ ৷ কেৱল নিৰ্বাচনৰ সময়তহে তেওঁলোকৰ প্ৰয়োজন হয় এইসকল লোকৰ । আনকি মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সাংসদ তপন গগৈয়ো খবৰ নোলোৱাৰ অভিযোগ ভুক্তভোগীলোকসকলৰ ৷

লগতে পঢ়ক : বেলট বক্স সলনি কৰাৰ অভিযোগত নিশা উত্তপ্ত ডিমা হাছাও

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.