Theft in front of police station: চোৰৰ মৰসাহ, আৰক্ষীৰ থানাৰ কাষাৰ পৰাই লুটি নিলে লক্ষাধিক টকা !

By

Published : Aug 9, 2023, 3:27 PM IST

thumbnail

ৰহা,9 আগষ্ট:চাপৰমুখত দিন দুপৰতে চুৰি কাণ্ড ৷ চাপৰমুখত আৰক্ষী থানাৰ সন্মুখত ৰখাই থোৱা স্কুটীৰ পৰা চোৰে লুটি নিলে চাৰি লক্ষাধিক টকা ৷ ঘটনা অনুসৰি চাপৰমুখৰ ব্যৱসায়ী যাদৱ বৰাই বেংকৰ পৰা ওলিয়াই আনিছিল টকাখিনি । বৰাই স্কুটীৰ ভিতৰত ৰাখিছিল টকাখিনি ৷ সেই স্কুটীখনৰ আৰক্ষী থানাৰ সন্মুখত ৰখাই ওচৰৰ এখন দোকানলৈ যাওঁতেই চোৰে নকল চাবিৰে স্কুটীৰ ডিকি খুলি লৈ যায় টকাখিনি । এই সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV ত ৷  এই ঘটনা সংঘটিত হৈছে মঙলবাৰে ৷ 

এই ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ কাৰণ আৰক্ষীলৈ কেৰেপ নকৰে চোৰে ৷ ইতিমধ্যে CCTV ৰ ভিত্তিত ৰহা আৰক্ষীয়ে আৰম্ভ কৰিছ তদন্ত ৷ ৰহা আৰক্ষীয়ে কৰায়ত্ত কৰিব পাৰিব নে চোৰটোক !

লগতে পঢ়ক:Monocled cobra Rescued: কলিয়াবৰত প্ৰকাণ্ড চকৰি ফেঁটী সাপসহ উদ্ধাৰ 16 টা কণী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.