Public Protest in Narayanapur:পথৰ নিৰ্মাণৰ দাবীত নাৰায়ণপুৰৰ বকুলগুৰিত প্ৰতিবাদ

By

Published : Jul 12, 2023, 6:23 PM IST

thumbnail

বিহপুৰীয়া,12 জুলাই : ‘‘আমি অনুসূচিত জাতিৰ কাৰণে আমালৈ মুখ্যমন্ত্ৰীয়ে কেৰাকৈ চাইছে নেকি ! ইমান আবেদন নিবেদন কৰাৰ পাচতো কিয় পথচোৱা ভাল নকৰিলে !’’ এটা পথৰ বাবে নাৰায়ণপুৰ বকুলগুৰি ৰাইজৰ এই ক্ষোভ ৷ লখিমপুৰৰ জিলাৰ নাৰায়ণপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাৱাজানৰ পৰা বকুলগুৰি হৈ আঁৰিমৰা সংযোগী প্ৰায় ৮ কিলোমিটাৰ দৈৰ্ঘৰ পথটিয়ে বছৰ বছৰ ধৰি জলা-কলা খুৱাই আহিছে ৰাইজক।

প্ৰায় কুৰিখনতকৈ অধিক গাঁৱৰ লোকৰ যাতায়তৰ এক মাত্ৰ সম্বল পথচোৱা ৷ সেয়ে দুৰ্ভগীয়া ৰাইজে শীঘ্ৰে পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজে ৰাজপথলৈ ওলাই আহি চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ, অসন্তুষ্টি প্ৰকাশ কৰে ৷ ৰাইজৰ অভিযোগ, নিৰ্বাচনৰ সময়তহে অঞ্চলটোৰ ৰাইজলৈ মনত পৰে, নিৰ্বাচন গ'লেই সকলো পাহৰি যায় জনপ্ৰতিনিধি সকলে।

লগতে পঢ়ক:Flood washed away a culvert:নাৰায়ণপুৰৰ শিমলুগুৰিত ভঙা কালভাৰ্টে জ্বলা-কলা খুৱাইছে ৰাইজক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.